কলাডুবাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান...

নগাঁৱৰ ডুমডুমীয়াৰ সমীপবৰ্তী কলাডুবাত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাই। উল্লেখ্য যে, ২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে বটদ্ৰৱাত এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল। 

author-image
Asomiya Pratidin
New Update
কলাডুবাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ডুমডুমীয়াৰ সমীপবৰ্তী কলাডুবাত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাই। উল্লেখ্য যে, ২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে বটদ্ৰৱাত এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল। 

Advertisment

উক্ত উচ্ছেদ অভিযানত বটদ্ৰৱাৰ লালুংগাঁৱৰ পৰা উচ্ছেদ কৰা ১৬টা কৈ পৰিয়ালক প্ৰশাসনে এই কলাডুবাত থকা চৰকাৰী ভূমি আৱণ্টন দি বসবাস কৰাৰ ব্যৱস্থা কৰিছিল। প্ৰশাসনে প্ৰতিটো পৰিয়ালৰ নামত আৱণ্টন দিছিল দুই কঠাকৈ ভূমি। 

কিন্তু স্থানীয় মাতব্বৰে উক্ত উচ্ছেদিতৰ নামত আৱণ্টিত উক্ত অধিকাংশ চৰকাৰী ভূমি বেদখল কৰি বিশাল বিশাল পুখুৰী খান্দিছিল। লগতে ভূমি আবণ্টন পোৱা উচ্ছেদিতসকলৰ ভূমি বেদখল কৰি এই ভূমাফিয়া মাতব্বৰসকলে বিভিন্ন সময়ত  ভাবুকি দি আহিছিল। 

যাৰ ফলত মাতব্বৰৰ ভাবুকিত ভয় শংকাত ভূগি ১০ টাকৈ পৰিয়াল উক্ত ঠাইৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল। পাছত ঘটনা সংক্ৰান্তত ভূমি আৱণ্টন পোৱা উচ্ছেদিতসকলে প্ৰশাসনক অৱগত কৰোৱাত প্ৰাশাসনে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাস,  আৰক্ষী আৰু চি আৰ পি এফৰ বিশাল বাহিনীলৈ আজি চৰকাৰী ভূমি বেদখল কৰি খন্দা ফিচাৰীৰ পাৰ কটি উচ্ছেদ অভিযান আৰম্ভ কৰে।

বটদ্ৰৱা উচ্ছেদ অভিযান