/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, ধেমাজি : বুধবাৰে ধেমাজি নগৰত দিন দুপৰতে সংঘটিত হৈছে এক অঘটন। এটা দুষ্ট চক্ৰই বেংকৰ পৰা অহা লোকসকলক টাৰ্গেট কৰি এক নিদিষ্ট স্থানত গ্ৰাহকসকলক গাঁত ৰাসায়নিক দ্ৰব্য ছতিয়াই গ্ৰাহকক উপায়ন্তৰ কৰি ধন লুটি নিয়া নতুন কৌশল অৱলম্বন কৰা কাৰ্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে ধেমাজি শংকৰদেৱ বিদ্যা নিকেতনৰ কাৰ্যালয় সহায়ক কৃষ্ণ প্ৰসাদ গগৈয়ে বুধবাৰে দুপৰীয়া ২ লাখ ৫০ হেজাৰ টকা ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাৰ পৰা উলিয়াই আনি ধেমাজি চাৰিআলিস্থিত এটা প্ৰিন্টিং প্ৰেছত দিব লগা ধন দিবলৈ অহা অৱস্থাতেই সন্মুখীন হয় অবাঞ্চিত ঘটনাৰ। আহি থকা অৱস্থাতে তেওঁৰ গাটো খজুৱালৈ আৰম্ভ কৰে ৷
খজুৱতিত ৰ'ব নোৱাৰি চাৰিআলিটোৰ কাষতে থকা এখন পূজা সামগ্ৰী বিক্ৰী কৰা দোকানত খৰ -ধৰকৈ সোমাই পিন্ধি অহা চোলাটো কি আছেনো বুলি খুলি চাই ল'বলৈ সোমাওঁতেই দোকানৰ সন্মুখত ৰখা টকাৰ বেগটো পিছ ফালৰ পৰা অহা দোকানৰ গ্ৰাহকৰূপী দুবৃৰ্ত্তজনে মুহূৰ্ত্ততেই বেগটো লৈ উধাও হয় ৷ ইফালে বিদ্যালয়ৰ কাৰ্য্যালৰ সহায়কজনে চোলাটো খুলি খজুৱতিৰ উপশমকলৈ ব্যস্ত থকাৰ সময়তেই দুবৃৰ্ত্তই ধন লৈ কোন দিশে পলায়ন কৰিলে টলকিবই নোৱাৰিলে ৷
তথ্যমতে বিদ্যালয়ৰ সহায়কজনে চোলাটো খোলাত ব্যস্ত থকা সময়ত গ্ৰাহকৰূপী দুৰ্বৃত্তজনে হিন্দী ভাষাত কৈ দোকানীজনৰ পৰা অগৰ তেল আছে নে নাই বুলি জানিব বিচাৰে ৷ দোকানীয়ে এনে তেল নাই বুলি কোৱাৰ পিছ মূহূৰ্ত্ততেই এই অঘটনটো সংঘটিত কৰি দুবৃৰ্ত্তজনে সেই স্থানৰ পৰা পলায়ন কৰে ৷
ঘটনাৰ পিছত দোকানীজনৰ সৈতে বিদ্যালয়ৰ সহায়কজনে দুবৃৰ্ত্তক বিচাৰি চালাথ কৰে যদিও দুবৃৰ্ত্ত কোন ফালে গ'ল কোনো শুংসূত্ৰই উলিয়াব নোৱাৰিলে ৷ এই ঘটনাকলৈ বিদ্যালয় সহায়কজনে সবিশেষ উল্লেখ কৰি ইতিমধ্যে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই ৷
এজাহাৰত উল্লেখ কৰা মতে, বেগটোত দুই লাখ পঞ্চাশ টকাৰ লগতে পান, আধাৰ কাৰ্ডৰ উপৰিও ড্ৰাইভিং লাইচেন্সকে ধৰি বিদ্যালয়খনৰ বহু গুৰুত্বপূৰ্ণ নথি- পত্ৰ আছিল ৷