/asomiyapratidin/media/media_files/2025/05/16/0fFwcbaNTn2mV7d12gg8.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ বুধবাৰে ধেমাজি ডায়েটত দিনযোৰা কাৰ্য্যসূচীৰে জিলা পৰ্যায়ত শিশু বৈজ্ঞানিক প্ৰদশৰ্নী ২০২৫ মডেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উচ্চ আৰু নিম্ন দুটা শাখাত অনুষ্ঠিত হোৱা মডেল (আৰ্হি) প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন মডেলৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
ইয়াৰে নিম্ন শাখাত ১৩ গৰাকী আৰু উচ্চ পৰ্যায়ত ৩০ গৰাকীৰ সৈতে মুঠ ৪৩ গৰাকীয়ে মডেলৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ আগে পুৱা ১১ বজাত ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ( ডায়েটৰ ) অধ্যক্ষ মৌচুমী বৰুৱা বৰদলৈয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণী কৰে ৷
অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰে ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা জুনিচ পাটিৰে ৷ উদ্দেশ্য ব্যাখ্যাত ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা পাতিৰে কয় যে বিজ্ঞান, গণিত আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত শিশু, শিক্ষক আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয় সম্পৰ্কে তেওঁ উল্লেখ কৰে ৷
প্ৰশিক্ষণ অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড°
অন্নজ্যোতি গগৈ, ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ধেমাজি
আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক লাৱন্য লাহন চুতীয়া আৰু জোনাই( মুকংচেলেক) ব্লক আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ গগৈয়ে ৷
এইবাৰ প্ৰতিযোগিতাত বিচাৰকৰ দ্বাৰা ৫ টা মডেল সহ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক পৰ্যায়ৰলৈ নিৰ্বাচিত হয় ৷ ৰাজ্যিক পৰ্য্যায়ৰলৈ নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰী কেইজন হৈছে ধেমাজি এছ এফ এছ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ একাদশ শ্ৰেণী ছাত্ৰদ্বয় আয়ুষ্মান ভৰালী আৰু অংকুৰ কৰ, গোগামুখ খ্ৰীষ্ট কিং চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেনী ছাত্ৰদ্বয় বিবেক সোনোৱাল আৰু নীলোৎপল দলে, ধেমাজি বি কে ভি স্কুলৰ নৱম শ্ৰেণী ছাত্ৰদ্বয় নিখিল গাম আৰু তংৰগ পাটোৱাৰী, চিমেন চাপৰি কস্তৰবা গান্ধী বালিকা
বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণী ছাত্ৰী দ্বয় জিন্তি গগৈ আৰু মমী কুটুম আৰু ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ অষ্টম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰদ্বয় ঋষভ বৰপাত্ৰগোঁহাই আৰু টমডে টায়ে ৷
নিৰ্বাচিত প্ৰতিটো মডেলৰ ছাত্ৰ -ছাত্ৰী সকলক মান প্ৰত্ৰ প্ৰদান কৰা হয় ৷ মুকলি অনুষ্ঠানতে তিনি গৰাকী বিচাৰকে একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনাও জনোৱা হয় ৷