চিৰাঙৰ কাজলগাঁৱত ইউনিছেক্স চেলুন আৰু স্পাৰ নামত অনৈতিক কাম-কাজঃ ১৯ জনক আটক

কাজলগাঁৱত ইউনিছেক্স চেলুন আৰু স্পাৰ নামত অনৈতিক কাৰ্য্য চলোৱাৰ অভিযোগ। চিৰাং আৰক্ষীয়ে চাৰিখনকৈ পাৰ্লাৰত চলোৱা অভিযানত ৪ গৰাকী যুৱক আৰু ১৫ গৰাকী যুৱতীক আটক কৰে।

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত ইউনিছেক্স চেলুন আৰু স্পাৰ নামত অনৈতিক কাম-কাজঃ ১৯ জনক আটক

ডিজিটেল সংবাদ, চিৰাংঃ  চিৰাং জিলা সদৰ কাজলগাঁৱৰ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন এলেকাত কাঠফুলাৰ দৰে গঢ়ি উঠা ইউনিছেক্স চেলুন আৰু স্পাৰ নামত অনৈতিক কাৰ্য্য চলোৱাৰ অভিযোগত আজি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু চিৰাং আৰক্ষীয়ে চাৰিখনকৈ পাৰ্লাৰত যৌথভাবে অভিযান চলাই ৪ গৰাকী যুৱক আৰু ১৫ গৰাকী যুৱতীক আটক কৰে। কেইদিনমান আগতে বঙাইগাঁও চহৰত এখন জনপ্ৰিয় ইউনিছেক্স চেলুন আৰু স্পাত আৰক্ষীয়ে অভিযান চলোৱাৰ পিছত কাষতে লাগি থকা চিৰাং জিলাৰ কাজলগাঁৱৰ পৌৰসভা এলেকাত কাঠফুলাৰ দৰে গঢ় লৈ উঠা এনেধৰনৰ পাৰ্লাৰক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

Advertisment

বহুতেই প্ৰশ্ন কৰিছিল কাঠফুলাৰ দৰে  চিৰাঙতো গঢ়ি উঠা এনে ইউনিছেক্স চেলুনৰ বিৰুদ্ধে কেতিয়া এনেধৰনৰ অভিযান চলিব? কাৰণ চিৰাং জিলাৰ কাজলগাঁও পৌৰসভাৰ অন্তৰ্গত চাপাগুৰীস্থিত ফেমেলী চেলুন আৰু স্পা, আৰ'নাই ফেমিলী চেলুন আৰু স্পা, কুকুৰমাৰী স্থিত এছ ডি ইউনিছেক্স চেলুন আৰু স্পা, ছাইন ইউনিছেক্স চেলুন আৰু স্পা আৰু বেংতল গেটত থকা ড্ৰিম বিউটি পাৰ্লাৰ আৰু ইউনিছেক্স চেলুন স্পাৰ আঁৰ লৈ অনৈতিক অভিসাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

আজি কাজলগাঁও আঞ্চলিক এবছুৰ উদ্যোগত আৰু চিৰাং আৰক্ষীৰ সহযোগত বিয়লিৰ পৰা তথাকথিত চাৰিখন ইউনিছেক্স চেলুন আৰু স্পাত অভিযান চলাই মুঠ ১৫ গৰাকী যুৱতীক আটক কৰে লগতে গ্ৰাহক হিচাপে যোৱা সুৰজিত বসুমতাৰী আৰু হামিদুল ইছলামক আটক কৰে। উল্লেখ্য যে চাপাগুৰীৰ আৰ'নাই ফেমিলী চেলুন আৰু ফেমিলী চেলুন স্পা দুখনত অনৈতিক কাৰ্য্য চলাই থকাৰ সময়তে গ্ৰাহকৰ সৈতে হাতেলোটে ধৰা পেলোৱা স্পা মেনেজাৰ সুৰজিত চক্ৰবৰ্তী আৰু হাছান আলী মণ্ডলক আটক কৰে।

ইপিনে আগতীয়াকৈ অভিযানৰ খবৰ লাভ কৰি কুকুৰমাৰীৰ ছাইন ইউনিছেক্স চেলুন আৰু স্পা বন্ধ কৰি পলায়ন কৰে। আজি আটক কৰা ১৯ গৰাকী যুৱক যুৱতীক কাজলগাঁও থানাত আনি সোধপোছ চলাই থকা হৈছে । আজি নিশা এই অভিযান চলাকালীন ইউনিছেক্স চেলুন আৰু স্পাসমূহৰ সন্মুখত উপস্থিত স্থানীয় ৰাইজে এবছু উদ্যোগক শলাগ লয় আৰু ইমানদিনে আৰক্ষীৰ চকুৰ সন্মুখতে চলাই থকা এই পাৰ্লাৰসমূহৰ পৰা আটক কৰা যুৱক-যুৱতীসকলক যাতে আৰক্ষীয়ে এৰি নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এবছুৰ নেতৃবৰ্গক অনুৰোধ জনায় ।

কাজলগাওঁ চিৰাং