/asomiyapratidin/media/media_files/2025/05/14/JBXoDmoaw2h6C9BLN4c4.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ মাটি-সম্পত্তিৰ লালসাৰ বাবেই নিজৰ জী আৰু নাতিয়ে এগৰাকী সত্তৰ বছৰীয়া বৃদ্ধা মাতৃকো ঘৰৰ ভিতৰতে মাৰপিট কৰি ডিঙি চেপি হত্যা কৰিবলৈ লোৱা ঘটনাই ধেমাজিত প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ধেমাজি জিলাৰ মাছখোৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্যা তথা বৰ্তমান ধেমাজি টঙনাপাৰা নিবাসী পুতুল দেৱী শইকীয়াক(৭০) তেওঁৰে জী ৰুমা দেৱী শইকীয়া আৰু নাতি গীতাৰ্থ শইকীয়াই সম্পত্তিৰ বাবে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি ৰুমী দেৱী আৰু তেওঁৰ পুত্ৰ গীতাৰ্থ শইকীয়াই এটা পাঁচজনীয়া দলৰ সৈতে মাটি, সম্পত্তি দাবী কৰি পুতুল দেৱী শইকীয়াক দেওবাৰে নিশা মাৰপিট কৰাৰ লগতে ডিঙি চেপি হত্যা কৰাৰ চেষ্টা চলাইছিল। তেনে সময়তে বৃদ্ধাগৰাকীৰ ডাঙৰ পুত্ৰ হেপ্পী শৰ্মাই আহিয়ে মাতৃক ৰক্ষা কৰিবলৈ চেষ্টা কৰে।
হেপ্পী শৰ্মাৰ চেষ্টাত মাতৃ ৰক্ষা পৰে যদিও দলটোৱে তেওঁক প্ৰহাৰ কৰাত বাওঁ হাতত গুৰুতৰভাৱে আঘাত পায়। একেদৰে বৃদ্ধাগৰাকীৰ কনিষ্ঠ পুত্ৰ লাভলী শৰ্মাকো দলটোৱে আক্ৰমণ কৰে। ইতিমধ্যে বৃদ্ধা মাতৃ আৰু ডাঙৰ পুত্ৰ হেপ্পী শৰ্মাই চিকিৎসাধীন হ'বলগীয়া হৈছে৷
সত্তৰ বছৰীয়া বৃদ্ধা মাতৃ পুতুল দেৱী শইকীয়াই অভিযোগ কৰা মতে ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ নিবাসী তথা বৃদ্ধাগৰাকীৰ জী নাতিয়ে কেৱল মাটি, সম্পত্তি লালসাৰ বাবেই বৃদ্ধা মাতৃক এনে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি অভিযোগ কৰি যোৱা ধেমাজি সদৰ আৰক্ষী ৰুমী দেৱী, গীতাৰ্থ শৰ্মাৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবীৰে এজাহাৰ দাখিল কৰিছে।