মঙলদৈৰ মোৱামাৰীত উত্তপ্ত পৰিস্থিতিঃ ব্যৱসায়ীয়ে শূন্যলৈ গুলী চলাই ৰক্ষা কৰিলে প্ৰাণ...
মঙলদৈৰ মোৱামাৰীত উত্তপ্ত পৰিস্থিতিঃ ব্যৱসায়ীয়ে শূন্যলৈ গুলী চলাই ৰক্ষা কৰিলে প্ৰাণ...  
দৰং

মঙলদৈৰ মোৱামাৰীত উত্তপ্ত পৰিস্থিতিঃ ব্যৱসায়ীয়ে শূন্যলৈ গুলী চলাই ৰক্ষা কৰিলে প্ৰাণ...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ শুকুৰবাৰে নিশা মঙলদৈৰ নিকতটৱৰ্তী মোৱামাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মঙলদৈৰ ব্যৱসায়ী প্ৰবিত্ৰ ডেকাই কৰে শূন্যলৈ গুলী চালনা কৰাৰ ফলতেই সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে পবিত্ৰ ডেকাৰ ডাম্পাৰ বাহনে স্কিল ইউনিভাৰ্ছিটিৰ বাবে মাটি কঢ়িওৱাৰ কাম কৰি আছিল। তাৰ মাজতে সেই ডাম্পাৰ আগভেটি ধৰে একাংশ লোকে।

ডাম্পাৰৰ চালকজনক এই লোকসকলে সেই পথেৰে ডাম্পাৰ চলোৱাৰ বাবে বিভিন্ন দাবী, ধমকি দিয়ে। এই দলটোত আছিল প্ৰায় ২০/২৫ জন লোক। লোকসকলে ডাম্পাৰখন ৰখাই থোৱাৰ সময়তে সেই স্থানত গৈ উপস্থিত হয় পবিত্ৰ ডেকা।

ইয়াৰ পিছতে উত্তেজিত ২০/২৫ জনীয়া লোকৰ দলটোৱে তেওঁক লাঠি, টাঙোনেৰে প্ৰহাৰ কৰে। ফলত তেওঁৰ মূৰ ফালি যায়। উপায়হীন হৈ তেওঁ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে শূন্যলৈ গুলী চালনা কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি মঙলদৈত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।