মঙলদৈত ২০ বছৰীয়া যুৱকৰ কামনাৰ বলি ৩ বছৰীয়া শিশু...

ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশুৰ ধৰ্ষণৰ এক কাণ্ড। এগৰাকী ২০ বছৰীয়া যুৱকৰ কামনাৰ বলি হ’ল ৩ বছৰীয়া শিশু। দৰং জিলাৰ ধনশিৰী কাষ গাঁৱত সংঘটিত হৈছে এই নাৰকীয় ঘটনা।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
মঙলদৈত ২০ বছৰীয়া যুৱকৰ কামনাৰ বলি ৩ বছৰীয়া শিশু...

ডিজিটেল সংবাদ,  মঙলদৈঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশুৰ ধৰ্ষণৰ এক কাণ্ড। এগৰাকী ২০ বছৰীয়া যুৱকৰ কামনাৰ বলি হ’ল ৩ বছৰীয়া শিশু। 

Advertisment

দৰং জিলাৰ ধনশিৰী কাষ গাঁৱত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। অভিযোগ অনুসৰি শুই থকা অৱস্থাতে এটি ৩ বছৰীয়া শিশু ধৰ্ষণ কৰে মালেবুদ্দিন নামৰ এজন যুৱক। 

অভিযোগ অনুসৰি শিশুটিক শুৱাই থোৱাৰ অৱস্থাতে এই অপকৰ্ম কৰে মালেবুদ্দিনে। অভিযুক্ত মালেবুদ্দিন একেখন গাঁৱৰে বাটচা আলিৰ পুত্ৰ। 

শিশুটিৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি শিশুটিৰ কান্দোন শুনি তেওঁ শিশুটিৰ ওচৰত উপস্থিত হোৱাত গোটেই ঘটনা পোহৰলৈ আহে। পিছত শিশুটিক সংকট জনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। 

এই সন্দৰ্ভত চিকিৎসকে আনুষ্ঠানিকভাৱে বিশেষ একো জনোৱা নাই যদিও এই অভিযোগ সম্পূৰ্ণ সত্য বুলি জানিব পৰা গৈছে।। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ধূলা আৰক্ষী থানাত ধর্ষণকাৰী মালেবুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে মালেবুদ্দিনৰ বিৰুদ্ধে অভিযান আব্যাহত ৰাখিছে। ভুক্তভোগীৰ পৰিয়াল আৰু স্থানীয় ৰাইজে ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। 

মঙলদৈ ধৰ্ষণকাৰী