পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিঃ ৩ বছৰীয়া কন্যাৰ মাতৃৰ শেষ হ'ল জীৱন

মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ পৰিণতিতে মঙ্গলবাৰে বিহ পান কৰি আত্মহত্যা কৰে বৰ আঠিয়াবাৰী গাঁৱৰ চবি ৰাণী ডেকা নামৰ মহিলা এগৰাকীয়ে।

author-image
Tushar Pratim
New Update
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিঃ ৩ বছৰীয়া কন্যাৰ মাতৃয়ে শেষ কৰিলে নিজৰ জীৱন

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ পৰিণতিতে মঙ্গলবাৰে বিহ পান কৰি আত্মহত্যা কৰে বৰ আঠিয়াবাৰী গাঁৱৰ চবি ৰাণী ডেকা নামৰ মহিলা এগৰাকীয়ে।

Advertisment

জানিব পৰা মতে এটা সন্তানৰ মাতৃ চবি ৰাণী ডেকাৰ একে গাঁৱৰে সীমান্ত চহৰীয়া নামৰ এগৰাকী যুৱকৰ সৈতে  আছিল অবৈধ সম্পৰ্ক। সেই প্ৰেমিকে আনি দিয়া বিহ খায়েই মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ স্বামী চিন্ময় কটকীৰ।

ঘটনাৰ পিছতে মহিলাগৰাকীৰ স্বামী চিন্ময় কটকীয়ে অভিযোগ কৰি কয় যে, দৰাচলতে তেওঁক হত্যা কৰিবলৈহে সীমান্ত চহৰীয়া নামৰ যুৱকজনে চবি ৰাণী ডেকাক আনি দিছিল বিহ। পিছত স্বামীক বিহ খোৱাই হত্যা কৰিৰ পৰিবৰ্তে নিজেই সেই বিহ পান কৰি আত্মহত্যা কৰে চবি ৰাণী নামৰ মহিলাগৰাকীয়ে। 

তিনিবছৰীয়া কন্যা সন্তানক কাষত লৈয়ে এইদৰে বিহপান কৰি মহিলাগৰাকীয়ে আত্মহত্যা কৰা বিষয়টোৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰ আঠিয়াবাৰী গাঁঁৱৰ চিন্ময় কটকী নামৰ যুৱক জনৰ সৈতে যোৱা চাৰি বছৰ পূৰ্বে  প্ৰেম কৰিয়েই বিয়াত বহিছিল কলাইগাঁঁৱৰ যুৱতী চবি ৰাণী ডেকাই।

বিয়াৰ পিছতে তেওঁলোকৰ জীৱনলৈ এটি কন্যা সন্তানো আহিছিল। বৰ্তমান সেই কন্যা সন্তানৰ বয়স প্ৰায় ৩ বছৰ। কন্যা সন্তানৰ সৈতে তেওঁলোকৰ সংসাৰ ধুনীয়াকৈ চলি থকাৰ মাজতে একে গাঁৱৰে সীমান্ত চহৰীয়া নামৰ এজন যুৱকৰ সৈতে চবি ৰাণী ডেকাৰ গঢ় লৈ উঠে অবৈধ প্ৰেমৰ সম্পৰ্ক।

এই সম্পৰ্কৰ বিষয়ে পিছত স্বামী চিন্ময় অৱগত হোৱাৰ পিছতে দুয়োৰে মাজত আৰম্ভ হয় মনোমালিন্য।প্ৰেমিক সীমান্তই ছবি ৰাণীক দিয়া এজোৰ পায়েলক লৈ দুয়োৰে মাজৰ সংঘাত তীব্রতৰ হৈ উঠে।

প্ৰেমিকে সীমান্তই দিয়া সেই পায়েল জোৰ স্বামী চিন্ময়ে উভতাই দিবলৈ যোৱাৰ সময়তে ঘৰত সন্তানৰ সৈতে থকা ছবি ৰাণীয়ে বিহ পান কৰে। ইয়াৰ পিছতে  তেওঁক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।

GMCH তে তেওঁ মৃত্যুক সাৱটি লয়। মৃত্যুৰ পূৰ্বে বিহখিনি তেওঁক প্ৰেমিক সীমান্তই স্বামী চিন্ময়ক খুৱাবলৈ দিছিল বুলিও স্বীকাৰ কৰে। সেই স্বীকাৰোক্তি বন্দী হৈছে কেমেৰাত। তাৰোপৰি সীমান্তৰ হাতত তেওঁলোকৰ কিছু অন্তৰংগ মুহূৰ্তৰ ফটো থকাৰ কথাও উল্লেখ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। 

মঙলদৈ