চীনা সামগ্ৰীৰে ভৰি আছে ভাৰতঃ চাওঁক তালিকা...

ভাৰত-পাকিস্তানৰ মাজৰ এনে সংঘাতৰ মাজতে স্পষ্ট হৈছিল কেইবাখনো দেশৰ ভাৰত বিৰোধী স্থিতি। পাকিস্তানৰ সমৰ্থনত আগবাঢ়ি আহিছিল চীন, আজাৰবাইজান, তুৰস্ক আদিৰ দৰে দেশ।

author-image
Asomiya Pratidin
New Update
চীনা সামগ্ৰীৰে ভৰি আছে ভাৰত...

ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পিছতে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে ৭ মে’ত আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। এই অভিযানৰ পিছতে পাকিস্তানে সন্ত্ৰাসবাদীক সমৰ্থন কৰি ভাৰতৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে আৰু ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। 

Advertisment

ভাৰত-পাকিস্তানৰ মাজৰ এনে সংঘাতৰ মাজতে স্পষ্ট হৈছিল কেইবাখনো দেশৰ ভাৰত বিৰোধী স্থিতি। পাকিস্তানৰ সমৰ্থনত আগবাঢ়ি আহিছিল চীন, আজাৰবাইজান, তুৰস্ক আদিৰ দৰে দেশ। এই দেশসমূহৰ এনে স্থিতি পোহৰলৈ অহাৰ পিছতে এতিয়া ভাৰতীয়ই এই দেশসমূহ বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। 

খবৰ অনুসৰি তুৰস্ক আৰু আজাৰবাইজানলৈ যোৱা ভাৰতীয় পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে। এই দেশসমূহলৈ ভাৰতীয়ৰ ভিছাৰ আবেদন যথেষ্ট পৰিমাণে হ্ৰাস হৈছে। অৱশ্যে চীনৰ বিৰুদ্ধেও ভাৰতীয়ৰ ক্ষোভ আছে যদিও এতিয়ালৈকে তেনে ক্ষোভৰ বৰ্হি প্ৰকাশ হোৱা নাই। 

তাৰ মাজতেই বহুতেই চীনা সামগ্ৰী বৰ্জনৰ হুংকাৰ দিছে। কিন্তু লক্ষ্যণীয় ভাৱে ভাৰতৰ মোবাইলৰ পৰা আৰম্ভ কৰি সাজপাৰলৈকে, গৃহ সামগ্ৰীৰ পৰা প্ৰসাধনলৈকে সকলো ক্ষেত্ৰতে আছে চীনা সামগ্ৰীৰ কদৰ।  

ভাৰতত প্ৰচলিত চীনা স্মাৰ্ট ফোনৰ তালিকাত আছে Xiaomi (Mi, Redmi), Oppo, Vivo, Realme আদি। পাৱাৰ বেংকৰ ভিতৰত আছে Xiaomi, Anker আদি। এয়াৰফোন, হেডফোনৰ তালিকাত আছে OnePlus, Realme, Xiaomi, মোবাইল চাৰ্জাৰৰ ভিতৰত আছে  Xiaomi, Oppo, Vivo আদি। 

সেইদৰেই টেম্পাৰ্ড গ্লাছ (স্ক্ৰীণ প্ৰটেক্টৰ) ৰ ভিতৰত আছে স্পিগেন, বেছিয়াছ, ইউএছবি কেবলৰ ভিতৰত আছে  এংকাৰ, বেছিউছ, স্মাৰ্টৱাচৰ ভিতৰত আছে  Amazfit, Xiaomi আদি। 

বাৰতত জনপ্ৰিয় চীনৰ নিৰ্মিত ব্লুটুথ স্পীকাৰৰ ভিতৰত  আছে JBL, Xiaomi, এল ই ডি বাল্বৰ ভিতৰত আছে  চিস্কা, জেনেৰিক চাইনিজ ব্ৰেণ্ড, এল ই ডি ষ্ট্ৰিপ লাইটৰ ভিতৰত আছে জেনেৰিক চীনা ব্ৰেণ্ড, ইলেক্ট্ৰিক কেটলিৰ ভিতৰত আছে  Xiaomi, জেনেৰিক চাইনিজ ব্ৰেণ্ড। 

ইলেক্ট্ৰিক ট্ৰিমাৰৰ বিতৰত আছে  – Xiaomi, Philips, হেয়াৰ ড্ৰাইয়াৰৰ ভিতৰত আছে Xiaomi, জেনেৰিক চাইনিজ ব্ৰেণ্ড, ইলেক্ট্ৰিক শ্বেভাৰৰ ভিতৰত আছে Xiaomi, কেমেই আদি। পৰ্টেবল ফেনৰো জেনেৰিক চাইনিজ ব্ৰেণ্ড ভাৰতত উপলব্ধ। 

দীপাৱলী, খ্ৰীষ্টমাছ আদিৰ সময়তো বিভিন্ন ধৰণৰ চাইনীজ আলোকসজ্জাৰে ভৰি পৰে ভাৰতৰ বজাৰ। তাৰোপৰি ভাৰতীয় বিভিন্ন দেৱ, দেৱীৰে প্লাষ্টিক, চিৰামিক আদিৰেও চীনত নিৰ্মাণ কৰি ভাৰতৰ বজাৰত মেলি দিয়া হৈছে। 

হোলীৰ সময়ত পিচকাৰীৰ পৰা আৰম্ভ কৰি অন্যান্য সামগ্ৰী, প্লাষ্টিকৰ পুতলা, বেটাৰীৰ দ্বাৰা চালিত বিভিন্ন খেলনা, ৰিম’ট কণ্ট্ৰ’ল পুতলা গাড়ী/ড্ৰ’ন আদিৰেও ভাৰতৰ বজাৰ ভৰি আছে।

এইসমূহ খেলৰ সামগ্ৰীৰ উপৰি ভাৰতৰ বজাৰত চীনত নিৰ্মিত সৌৰকোষ, পেনেল, ইলেক্ট্ৰনিক ডিছপ্লে বৰ্ড, মেমৰি কাৰ্ড, পেন ড্ৰাইভ, ছাউণ্ড ৰেকৰ্ডাৰ, চিচিটিভি কেমেৰা,  বিভিন্ন সস্তায়ী আচবাব, বেডশ্বীট, প্লাষ্টিকৰ পাত্ৰ, নন-ষ্টিক টাৱা, চীনামাটিৰ কাপ আৰু প্লেট  আদিৰেও ভাৰতৰ ফুটপাথৰ সাধাৰণ দোকানৰ পৰা শ্বপিং মললৈ সকলোতে ভৰি আছে। 

সস্তীয়া চশমা, ডিজিটেল থাৰ্মোমিটাৰ, বি পি মনিটৰ, বেডমিণ্টন ৰেকেট, ফুটবল, জোতা, স্কুল বেগ, ছাতি, গহনা, ইলেক্ট্ৰিক মালিচ সামগ্ৰী, হিটিং পেড, ইলেক্ট্ৰিক টুথব্ৰাছ, কীটনাশক, কফি মেকাৰ, ইলেক্ট্ৰিক কেন ওপেনাৰ, আউটড’ৰ বাৰ্বিকিউ আদি সকলো উপলব্ধ। 

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতেই নহয়, চীনৰ সৈতেও সংঘাতৰ সময়ত চীনা সামগ্ৰী বৰ্জনৰ হুংকাৰ নতুন কথা নহয়। এই সামগ্ৰী সমূহ এদিনতে বৰ্জন কৰাতো কিমান সম্ভৱ সেয়া এক আন বিষয়। কিন্তু এই সামগ্ৰীসমূহৰ ক্ষেত্ৰত ভাৰত যদি স্বনিৰ্ভৰশীল হৈ উঠিব পাৰে তেন্তে এই সমূহ বৰ্জন যে অসম্ভৱ হৈ নাথাকিব সেয়া নিশ্চিত। 

 

অপাৰেচন সিন্দুৰ পাকিস্তান চীন