অৰুণোদয় প্ৰ-পত্ৰ সংগ্ৰহক কেন্দ্ৰ কৰি নগৰবাহী গাওঁ পঞ্চায়তত খণ্ড যুদ্ধ

অৰুণোদয় প্ৰ-পত্ৰৰ বাবে দৰং জিলাৰ মঙলদৈৰ নগৰবাহী গাওঁ পঞ্চায়তত মহিলাৰ মাজত সৃষ্টি হোৱা খণ্ড যুদ্ধই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।  উত্তেজিত মহিলাই তৰ্কত লিপ্ত হ'ল বুথ সভাপতিৰে

author-image
Tushar Pratim
New Update
অৰুণোদয় প্ৰ-পত্ৰ সংগ্ৰহক কেন্দ্ৰ কৰি নগৰবাহী গাওঁ পঞ্চায়তত খণ্ড যুদ্ধ

ডিজিটেল সংবাদ মঙলদৈঃ অৰুণোদয় প্ৰ-পত্ৰৰ বাবে দৰং জিলাৰ মঙলদৈৰ নগৰবাহী গাওঁ পঞ্চায়তত মহিলাৰ মাজত সৃষ্টি হোৱা খণ্ড যুদ্ধই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।  জানিব পৰা মতে আজি নগৰবাহী পঞ্চায়তত মহিলাসকলৰ বাবে অৰুণোদয়ৰ প্ৰ-পত্ৰ বিতৰণ কৰা হৈছিল। 

এই প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে ভিৰ কৰিছিল মহিলাই। পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবাহী পঞ্চায়তৰ পৰা সেই প্ৰ-পত্ৰ সংগ্ৰহ  কৰিবলৈ যোৱাৰ সময়তে বুথৰ সভাপতিৰ লগত তৰ্ক যুদ্ধত লিপ্ত হয়। 

জানিব পৰা মতে বৃহত্তৰ নগৰবাহী পঞ্চায়তৰ ভিতৰত মাত্ৰ ৪২ খন অৰুণোদয়ৰ প্ৰ-পত্ৰহে আহে। ফলত মহিলাসকলে বুথ সভাপতিৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয়। 

মহিলাসকলৰ অভিযোগ এই প্ৰ-পত্ৰ বিতৰণ কৰাৰ সময়ত বুথ সভাপতিয়ে পক্ষপাতিত্ব কৰিছে। সেয়ে মহিলাসকলৰ মাজত বৃদ্ধি পোৱা অসন্তুষ্টিয়ে খণ্ড যুদ্ধৰ ৰূপ ধাৰণ কৰে। এই অসন্তুষ্ট মহিলাসকলে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে। 

মঙলদৈ