মোক ভয় খুৱাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়েঃ ৰিপুন বৰা

এইবাৰ গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকৰ সৈতে নাম সাঙোৰ খাইছে ৰিপুন বৰাৰ। যাৰবাবে বৃহস্পতিবাৰে ১১ বজাত ৰিপুন বৰাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰিপুন বৰাক জেৰা চলাব এচআইটিয়ে

ৰিপুন বৰাক জেৰা চলাব এচআইটিয়ে

ডিজিটেল ডেস্কঃ এইবাৰ গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকৰ সৈতে নাম সাঙোৰ খাইছে ৰিপুন বৰাৰ। যাৰবাবে বৃহস্পতিবাৰে ৰিপুন বৰাক দিনৰ ১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। চিআইডিত ৰুজু হোৱা ৫/২৫ নম্বৰৰ গোচৰত ৰিপুন বৰাক তলব কৰিছে এচআইটিয়ে। গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাৰ সময়ত ৰিপুন বৰাৰ সৈতে যোগাযোগত থকাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

ইফালে সমগ্ৰ বিষয় সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছী নেতা ৰিপুন বৰাই। "মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিছে মুখ্যমন্ত্ৰীয়ে। মই গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা কোৱা নাছিলো" বুলি উল্লেখ কৰে ৰিপুন বৰাই। লগতে "মোৰ বিৰুদ্ধে এয়া ৰাজনৈতিক প্ৰতিশোধ, মোক ভয় খুৱাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে" বুলিও সদৰি কৰে কংগ্ৰেছী নেতাগৰাকীয়ে।

ৰিপুন বৰা গৌৰৱ গগৈ