মঙলদৈত চৰকৰী গৃহৰ ধন আত্মসাৎঃ অভিযোগ দাখিল...

মঙলদৈৰ পুঠিমাৰী পঞ্চায়তত সংঘটিত হৈছে আজৱ কাণ্ড। চলচাতুৰিৰে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে। অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে দাখিল অভিযোগ।

author-image
Tushar Pratim
New Update
মঙলদৈত চৰকৰী গৃহৰ ধন আত্মসাৎঃ অভিযোগ দাখিল...

ডিজিটেল সংবাজ মঙলদৈঃ মঙলদৈৰ পুঠিমাৰী পঞ্চায়তত সংঘটিত হৈছে আজৱ কাণ্ড। চলচাতুৰিৰে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে। 

Advertisment

জানিব পৰা মতে মঙলদৈ পুঠিমাৰী পঞ্চায়তৰ বাসিন্দা খলিলুৰ ৰহমানে লাভ কৰিছিল এটা চৰকাৰী ঘৰৰ আৱণ্টন। সেই অনুসৰিয়েই তেওঁ চৰকাৰী ধন কিছু অংশ লাভ কৰে আৰু ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰে। 

কিন্তু খলিলুৰ ৰহমানে অভিযোগ কৰা মতে ঘৰটোৰ বাবদ যি জব কাৰ্ডৰ ধনৰাশি পাব লাগিছিল সেই ধন তেওঁক নিদিয়াকৈ পঞ্চায়ত সদস্য আমিৰুদ্দিনে বিভিন্ন কৌশলেৰে আত্মসাৎ কৰিছে। 

এই সন্দৰ্ভত অভিযোগকাৰী খলিলুৰ ৰহমানে ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে ইতিমধ্যে দৰং আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। অৱশ্যে আৰক্ষীয়ে তদন্তৰ অন্তত এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। 

মঙলদৈ