যুদ্ধ পৰিস্থিতিত ভাৰতীয় সেনাৰ বাবে দৰঙত ৰক্ত সংগ্ৰহৰ অভিযান ৰাষ্ট্ৰীয় বজৰং দলৰ...

দৰঙত বজৰং দলে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। পূৰ্ণাংগ যুদ্ধ নিশ্চিত হ'লে যুদ্ধত আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ কথা চিন্তা কৰিয়েই এক হাজাৰ ইউনিট ৰক্ত দান কৰাৰ পৰিকল্পনা হাতত লৈছে।

author-image
Tushar Pratim
New Update
যুদ্ধ পৰিস্থিতিত ভাৰতীয় সেনাৰ বাবে দৰঙত ৰক্ত সংগ্ৰহৰ অভিযান ৰাষ্ট্ৰীয় বজৰং দলৰ...

ডিজিটেল ডেস্কঃ ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধৰ দৰে পৰিস্থিতিৰ মাজতে দেশ প্ৰেম উথলি উঠিছে সমগ্ৰ দেশবাসীৰ। কোনো কোনোৱে যদি সেনা বাহিনীত যোগ দি দেশ সেৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আন কোনোবাই আকৌ আন ধৰণে সেনা বাহিনীক সহায় কৰি যুদ্ধৰ বাবে সাজু হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে। 

Advertisment

তাৰ মাজতেই দৰঙত ৰাষ্ট্ৰীয় বজৰং দলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পূৰ্ণাংগ যুদ্ধ নিশ্চিত হ'লে যুদ্ধত আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ কথা চিন্তা কৰিয়েই এক হাজাৰ ইউনিট ৰক্ত দান কৰাৰ পৰিকল্পনা হাতত লৈছে দৰঙৰ ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে। 

এই লক্ষ্যৰেই প্ৰতিজন সুস্থ ব্যক্তিকে ভাৰতীয় সেনাৰ বাবে প্ৰয়োজন হ'ব পৰা ৰক্ত দান কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় বজৰং দলে। কেৱল আহ্বান জনোৱাই নহয় ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে ৰক্ত সংগ্ৰহৰ অভিযানতো নামি পৰিছে।

আজি মঙলদৈত চিভিল হাস্পতালৰ ব্লাড বেংকৰ সন্মুখত ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে অস্থায়ী টেণ্ট স্থাপন কৰি ৰক্ত সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছে। তেওঁলোকে জনোৱা মতে আজি ৮০ জন লোকৰ পৰা ৰক্ত সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 

সাধাৰণ নাগৰিকেও ৰক্ত দান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি এই অস্থায়ী  টেণ্টলৈ আহি নিজৰ নাম পঞ্জীয়ন কৰি ৰক্ত দান দিবলৈ সাজু হৈছে। এই ৰক্ত সংগ্ৰহৰ অভিযানত সহায় কৰিছে মঙলদৈ চিভিল হাস্পতালৰ চিকিৎসা কৰ্মীসকলে। 

ৰক্তদান শিবিৰ মঙলদৈ