মঙলদৈৰ অন্তৰ্গত চপাই-হাউলি গাঁও পঞ্চায়তৰ ফলাফল ঘোষণা...

হাউলি জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী  শেৱালী গোস্বামী কলিতাই ১৮১৭৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী চিৰাজুল হকে ৫৩৯৭ টা ভোট লাভ কৰে।

author-image
Asomiya Pratidin
New Update
ffffffff

ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলা পৰিষদৰ অন্তৰ্গত চপাই জিলা পৰিষদৰ প্ৰাৰ্থী অনিতা ৰাজবংশীৰ জয় লাভ। অনিতা ৰাজবংশীয়ে ১৬৪৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যোতিকা নাথে লাভ কৰে ৭৬২৮ টা ভোট।

Advertisment

অনিতা ৰাজবংশীয়ে ৮৮৫৯ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে। একেদৰে হাউলি জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী  শেৱালী গোস্বামী কলিতাই ১৮১৭৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী চিৰাজুল হকে ৫৩৯৭ টা ভোট লাভ কৰে। বিজেপি প্ৰাৰ্থী শেৱালী গোস্বামী কলিতাই ১২৭৮০ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে ।

মঙলদৈ