লণ্ডনত উন্মোচনৰ পিছতেই লণ্ড-ভণ্ড ভাৰতীয় সেনাৰ প্ৰতিমূৰ্তি

লণ্ডনত উন্মোচনৰ পিছতেই লণ্ড-ভণ্ড ভাৰতীয় সেনাৰ প্ৰতিমূৰ্তি

author-image
asomiyapratidin
New Update
লণ্ডনত উন্মোচনৰ পিছতেই লণ্ড-ভণ্ড ভাৰতীয় সেনাৰ প্ৰতিমূৰ্তি

ডিজিটেল ডেস্কঃ সভ্য মানুহৰ দেশ হিচাপে পৰিগণিত ব্ৰিটিছৰ দেশত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড। লণ্ডনত প্ৰথম বিশ্ব যুদ্ধত অংশগ্ৰহণকাৰী ভাৰতীয় সৈন্যৰ স্মৰণত যোৱা ৪ নবেম্বৰত উন্মোচন কৰা হৈছিল শিখ সৈনিকৰ এটা প্ৰতিমূৰ্তি।

Advertisment

দুৰ্ভাগ্যজনকভাৱে ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচনৰ দুদিন পিছতে কোনো দুৰ্বৃত্তই সেয়া লণ্ড-ভণ্ড কৰি থৈ যায়। উল্লেখ্য যে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ সেনাৰ হৈ ডেৰ লাখ ভাৰতীয় সৈন্যই অংশগ্ৰহণ কৰিছিল।

ব্ৰিটিছ সেনাৰ হৈ অংশগ্ৰহণ কৰা ভাৰতীয় সৈন্যসকলক সন্মান প্ৰদৰ্শনৰ বাবেই দেশখনত স্থাপন কৰা হয় এই প্ৰতিমূৰ্তিটো। কিন্তু আশ্বৰ্যজনকভাৱে সেয়া লণ্ড-ভণ্ড কৰাত ক্ষোভিত হৈ পৰিছে লণ্ডনৰ শিখ সমাজ।

ঘটনা সন্দৰ্ভত লণ্ডন আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে। চিচিটিভিৰ ফুটেজৰ আধাৰত অপৰাধীৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে এনে কামৰ আঁৰত কোনো ভাৰতীয় মূলৰ লোক থাকিব পাৰে বুলিও প্ৰাথমিক তদন্তত সন্দেহ ব্যক্ত কৰিছে লণ্ডন আৰক্ষীয়ে।

ইফালে এই ঘটনাৰ পিছতে একাংশ লোকে পশ্চিমীয়া দেশসমূহত ভাৰতীয় লোকসকল এতিয়াও বৰ্ণ বৈষম্যৰ বলি হৈ আহিছে বুলি মন্তব্য কৰিছে।  প্ৰথম মহাসমৰত ভাগ লোৱা তথা ১৫ নং শিখ বেটেলিয়নৰ শৌৰ্য-বীৰ্য প্ৰতিফলিত কৰা এই মূৰ্তিটোও এনে বৈষম্যৰ চিকাৰ হোৱা বুলিও দাবী কৰিছে বহুতে।