গাজাৰ খাদ্য সংকটৰ দৃশ্যত বুকু কপিছে ইজৰাইলৰ মিত্ৰ দেশৰো...

সশসস্ত্ৰ সংগঠন হামাছ আৰু ইজৰাইলৰ যুদ্ধত ধ্বংসস্তূপত পৰিণত হৈছে পেলেষ্টাইন। ইজৰাইলে ধাৰাবাহিকভাৱে নিক্ষেপ কৰা বোমাৰ ফলত নিহতৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
গাজাৰ খাদ্য সংকটৰ দৃশ্যত বুকু কপিছে ইজৰাইলৰ মিত্ৰ দেশৰোঃ ইজৰাইলেই দিলে যুদ্ধৰ মাজতে সাহায্য প্ৰেৰণৰ সুযোগ

ডিজিটেল ডেস্কঃ পেলেষ্টাইনৰ সশসস্ত্ৰ সংগঠন হামাছ আৰু ইজৰাইলৰ যুদ্ধত ধ্বংসস্তূপত পৰিণত হৈছে পেলেষ্টাইন। ইজৰাইলে পেলেষ্টাইনত ধাৰাবাহিকভাৱে নিক্ষেপ কৰি থকা বোমাৰ ফলত নিহতৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। 

Advertisment

পেলেষ্টাইনৰ ওপৰত চলাই থকা ইজৰাইলৰ আক্ৰমণৰ বাবে খাদ্য সংকটৰো সৃষ্টি হৈছে। বিশেষকৈ যোৱা মাৰ্চত পেলেষ্টাইনৰে যুদ্ধ বিৰতিৰ ম্যাদ অন্ত পৰাৰ পিছতে ইজৰাইলে পুনৰ পেলেষ্টাইনত আক্ৰমণ অব্যাহত ৰাখিছে। 

এই সময়ত পেলেষ্টাইনলৈ খাদ্য, সামগ্ৰীৰ যোগানো বন্ধ হৈ পৰিছে। ফলত ইজৰাইলো আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিপদৰ সন্মুখীন হৈছে। মিত্ৰৰাষ্ট্ৰৰ সহযোগিতাৰ পৰা বঞ্চিত হৈছে ইজৰাইল। এই কথা স্বীকাৰ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নতানিয়াহুৱে।  

উল্লেখ্য যে, হামাছৰ সৈতে যোৱা মাৰ্চত প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছত ইজৰাইলে গাজালৈ খাদ্য যোগান বন্ধ কৰি দিছে। ফলত আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। তাৰ মাজতেই সোমবাৰে ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰিছে। 

তাৰোপৰি সংবাদ সংস্থা ৰয়টাৰ্ছৰ আগত তেওঁ কয় যে, ইজৰাইলৰ মিত্ৰ দেশসমূহে গাজাৰ ভোকাতুৰৰ ছবিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। সেই দেশসমূহেও এই পৰিস্থিতিত ইজৰাইলক সমৰ্থন কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে।

তেওঁৰ ভাষ্যত এই কথা স্পষ্ট হৈ পৰিছে যে, আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ বাবে ইজৰাইলে হামাছৰ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তাৰ মাজতেই অৱশ্যে আন্তঃৰাষ্ট্ৰীয় এনে হেঁচাৰ বাবেই দেওবাৰে গাজালৈ কিছু খাদ্য সামগ্ৰী প্ৰেৰণ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। 

কিন্তু কিমান পৰিমাণৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই। এইদৰে খাদ্য সামগ্ৰী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলেও অৱশ্যে হামাছৰ বিৰুদ্ধে যুদ্ধ স্থগিত অথবা বন্ধ কৰা নাই। 

বৰঞ্চ নেতানিয়াহুৱে দাবী কৰিছে সমগ্ৰ গাজা ষ্ট্ৰিপ ইজৰাইলে তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিব। ইজৰাইলে নিশ্চিত কৰিব যাতে গাজা ষ্ট্ৰিপলৈ প্ৰেৰণ কৰা সাহায্য কোনো কাৰণতে হামাছে লুট কৰিব নোৱাৰে। 

স্মৰ্তব্য, কাটাৰ, আমেৰিকা আৰু ইজিপ্তৰ উদ্যোগত চলিত বৰ্ষৰ ১৫ জানুৱাৰীত ইজৰাইল আৰু হামাছে অস্থায়ী যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। এই  যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছত মাৰ্চৰ আৰম্ভণিতে ইজৰাইলে গাজাত পুনৰ আক্ৰমণ কৰে। 

শেহতীয়াকৈ পুনৰ কাটাৰৰ ৰাজধানী ডোহাত যুদ্ধবিৰতিৰ বাবে নতুনকৈ আলোচনা আৰম্ভ হৈছে। অৱশ্যে এতিয়ালৈকে এই যুদ্ধ বিৰতিৰ আলোচনাত আশা কৰা ধৰণৰ ফলাফল লাভ কৰা নাই।

ইজৰাইল পেলেষ্টাইন গাজা ষ্ট্ৰিপ