বাংলাদেশত পুনৰ ছাত্ৰ বিপ্লৱঃ শিক্ষক, শিক্ষাৰ্থীৰ ওপৰত চলিল ইউনুছৰ আৰক্ষীৰ বৰ্বৰতা

বাংলাদেশত পুনৰ আৰম্ভ হৈছে ছাত্ৰ আন্দোলন। ২০২৪ ত ছাত্ৰ আন্দোলনৰ মাজতেই সলনি হৈছিল ৰাজনৈতিক পৰিস্থিতি। দেশ এৰি পলাবলৈ বাধ্য হৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
বাংলাদেশৰ পুনৰ ছাত্ৰ বিপ্লৱঃ শিক্ষক, শিক্ষাৰ্থীৰ ওপৰত চলিল ইউৱনুছৰ আৰক্ষীৰ বৰ্বৰতা

ডিজিটেল ডেস্কঃ বাংলাদেশত পুনৰ আৰম্ভ হৈছে ছাত্ৰ আন্দোলন। ২০২৪ ত ছাত্ৰ আন্দোলনৰ মাজতেই সলনি হৈছিল দেশখনৰ ৰাজনৈতিক পৰিস্থিতি। আগষ্ট বিপ্লৱৰ মাজতেই দেশ এৰি পলাবলৈ বাধ্য হৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। 

Advertisment

আৱামী লীগৰ চৰকাৰ পতনৰ পাছত দেশখনত গঠন হৈছিল অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল মহম্মদ ইউনুছে। সেই মহম্মদ ইউনুছেই এতিয়া পুনৰ ছাত্ৰৰ বিক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে। 

শ্বেইখ হাছিনাৰ আৰক্ষী বাহিনীয়ে যিদৰে আন্দোলনকাৰী শিক্ষাৰ্থীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি ৰক্তাক্ত পৰিস্থিতিৰ সূচনা কৰিছিল ঠিক সেইদৰেই এতিয়া মহম্মদ ইউনুছৰ অধীনৰ আৰক্ষীয়েও প্ৰতিবাদকাৰী শিক্ষাৰ্থীক ৰাজপথত প্ৰহাৰ কৰি ৰাজপথ ৰক্তাক্ত কৰি তুলিছে। আৰক্ষীৰ লাঠিৰ কোবত আহত হৈছে বহু ছাত্ৰ। 

উল্লেখ্য যে, মূলতঃ তিনিটা দাবীৰে জগন্নাথ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ বাসগৃহ যমুনা অভিমুখে আগবাঢ়িছিল। সেই সময়তে আৰক্ষীয়ে প্ৰতিবাদী ছাত্ৰসকলক ছত্ৰ ভংগ দিয়াবলৈ লাঠি চালনা কৰাৰ লগতে শব্দ গ্ৰেণেড, কন্দুৱা গেছ, পানী হিলৈ আদি নিক্ষেপ কৰে। এই সময়ত শিক্ষাৰ্থীৰ সৈতে থকা শিক্ষকসকলকো ৰেহাই নিদিলে আৰক্ষী বাহিনীয়ে। 

আৰক্ষীৰ এনে বৰ্বৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈছে অতি কমেও ১১ জন ছাত্ৰ। উল্লেখ্য যে, মঙলবাৰে বিয়লি ঢাকাস্থিত জগন্নাথ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কঠালতলাত ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সংগঠনেৰে গঠিত ‘জুলাই ইউনিটি’ নামৰ  সংগঠনৰ হৈ এক কাৰ্যসূচী ঘোষণা কৰিছিল। 

তাৰ পিছত শিক্ষকৰো এটা প্ৰতিনিধি দল লৈ তেওঁলোক ইউ জি চিৰ কাষলৈ গৈছিল। কিন্তু আশা কৰা ধৰণে ইউ জি চিৰ পৰা কোনো আশ্বাস নোপোৱাত তেওঁলোকে মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ আৱাসগৃহৰ দিশে আগবাঢ়ে। মুখ্য উপদেষ্টা ইউনুছৰ ‘যমুনা’ অভিমুখে তেওঁলোক ৰাওনা হোৱাৰ পিছতে আৰক্ষীয়ে শক্তি প্ৰয়োগ কৰি তেওঁলোকক বাধা প্ৰদান কৰে। 

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ দাবীসমূহৰ ভিতৰত আছিল বিশ্ববিদ্যালয়খনৰ আসন ব্যৱস্থা নিশ্চিত নোহোৱালৈকে ৭০ শতাংশ শিক্ষাৰ্থীৰ বাবে আবাসন বৃত্তি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী কৰা, ২০২৫-২৬ বিত্তীয় বৰ্ষত বিশ্ববিদ্যালয়খনৰ বাবে প্ৰস্তাৱিত পূৰ্ণাংগ বাজেট কৰ্তন নকৰাকৈ অনুমোদন জনোৱা আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ দ্বিতীয় কেম্পাছৰ কাম কাজ পৰৱৰ্তী একনেক সভাত অনুমোদন কৰি অগ্ৰাধিকাৰ প্রকল্পৰ আওতাত বাস্তৱায়ন কৰিব লাগিব। 

বাংলাদেশৰ সংবাদ মাধ্যমৰ খবৰ মতে  দিনৰ প্ৰায় ১২:৩০ বজাত ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া পদযাত্ৰাই কাক্ৰাইল মছজিদৰ সন্মুখত উপস্থিত হয়। তাতেই তেওঁলোক আৰক্ষীৰ বাধাৰ সন্মুখীন হয়। দুয়ো পক্ষৰ মাজত প্ৰথমে হতাহতি আৰু তাৰ পিছত সংঘাতৰ সূত্ৰপাত হয়। 

প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ভাঙি যমুনা অভিমুখে আগবাঢ়িবলৈ চেষ্টা কৰে। তাৰপিছত আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰে আৰু পৰ্যায়ক্ৰমে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ, শব্দ গ্ৰেণেড, পানী হিলৈ নিক্ষেপ কৰে। 

 

বাংলাদেশ