ভাৰতৰ এটা সিদ্ধান্তই সুমতি ঘূৰাই আনিলে বাংলাদেশৰ ইউনুছৰ চৰকাৰৰ...

চৰকাৰী পৃষ্ঠপোষকতাতে মৌলবাদীৰ উত্থান ঘটাৰ সমান্তৰালকৈ ভাৰত বিৰোধী একাধিক সিদ্ধান্ত গ্ৰহণ কৰা বাংলাদেশ ভাৰতৰ মাত্ৰ এটা সিদ্ধান্তৰ পিছতে মূৰ তল কৰিবলৈ বাধ্য হৈছে।

author-image
Tushar Pratim
New Update
ভাৰতৰ এটা সিদ্ধান্তই সুমতি ঘূৰাই আনিলে বাংলাদেশৰ ইউনুছৰ চৰকাৰৰ...

ডিজিটেল ডেস্কঃ চৰকাৰী পৃষ্ঠপোষকতাতে মৌলবাদীৰ উত্থান ঘটাৰ সমান্তৰালকৈ ভাৰত বিৰোধী একাধিক সিদ্ধান্ত গ্ৰহণ কৰা বাংলাদেশ ভাৰতৰ মাত্ৰ এটা সিদ্ধান্তৰ পিছতে ভাৰতৰ সন্মুখত মূৰ তল কৰিবলৈ বাধ্য হৈছে। যেন সুমতি ঘূৰি আহিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ! 

Advertisment

স্থলপথেৰে ভাৰতে নিৰ্বাচিত সামগ্ৰী ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে ভাৰতৰে আলোচনাৰ বাবে অনুৰোধ জনাইছে ভাৰত বিৰোধী বুলি প্ৰমাণ কৰা মহম্মদ ইউনুছৰ চৰকাৰে। দেওবাৰে বাংলাদেশৰ বাণিজ্য উপদেষ্টা শ্বেখ বছিৰুদ্দিনে ভাৰতে স্থলপথেৰে সামগ্ৰী ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰা সন্দৰ্ভত তেওঁলোক অৱগত নহয় বুলি উল্লেখ কৰি কয় যে, কোনো সমস্যাৰ সৃষ্টি হ’লে তেন্তে দুয়োপক্ষই আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰিব।

তেওঁ আৰু কয়  "গ্ৰাহক আৰু ব্যৱসায়ৰ স্বাৰ্থত ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য অব্যাহত থাকিব। ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি এতিয়াও আনুষ্ঠানিকভাৱে একো নাজানো। আমি আনুষ্ঠানিকভাৱে গম পোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপ ল'ব পাৰিম। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে দুয়োপক্ষই আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰিম।" 

উল্লেখ্য যে, ভাৰতে শেহতীয়াকৈ বাংলাদেশৰ পৰা ৰেডিমেড কাপোৰ, প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰী, কপাহ, প্লাষ্টিক আৰু পিভিচিৰ দ্বাৰা তৈয়াৰী সামগ্ৰী আদিকে ধৰি মুঠ সাত বিধ সামগ্ৰী স্থলপথেৰে প্ৰবেশত বাধা প্ৰদান কৰিছিল। এই সন্দৰ্ভতে বাণিজ্য উপদেষ্টাগৰাকীয়ে কয় যে, ৰেডিমেড গাৰ্মেণ্ট আৰু প্ৰচেছড খনিজ সামগ্ৰীকে ধৰি কমেও সাতবিধ সামগ্ৰী আমদানি কৰাত নতুন নিষেধাজ্ঞাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰো ক্ষতি হ’ব।

স্মৰ্তব্য, শেহতীয়াকৈ বাংলাদেশে ঘোষণা কৰিছিল যে ভাৰতৰ পৰা স্থলপথেৰে সূতা আমদানি বন্ধ কৰিছে। এই সামগ্ৰী ভাৰতলৈ পঠিয়াবলৈ হ’লে ইয়াক সাগৰীয় পথেৰে পঠিয়াব লাগিব। ইউনুছৰ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ হিচাপে নিজা সিদ্ধান্ত ঘোষণা কৰিছে।  

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য বিভাগে এক অধিসূচনা জাৰি কৰি কয় যে, বাংলাদেশৰ পৰা স্থলপথেৰে প্ৰক্ৰিয়াগত খাদ্য সামগ্ৰী, কপাহ, কপাহী কাপোৰ, প্লাষ্টিক আৰু পিভিচিৰে নিৰ্মিত সামগ্ৰী, ৰং আদি সামগ্ৰী আদি ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। বাংলাদেশৰ সৈতে সীমান্ত থকা পশ্চিম বংগৰ চাংৰাবন্ধা আৰু ফুলবাৰীৰ শুল্ক চকী, অসম, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ শুল্ক চকীসমূহৰ জৰিয়তে এই সামগ্ৰীসমূহ প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। 

কিন্তু বাংলাদেশৰ পৰা অহা মাছ, এল পি জি আৰু খোৱা তেলত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। এই সমূহৰ বিপৰীতে অন্য সামগ্ৰী পঠিয়াব বিচাৰিলে বাংলাদেশে সাগৰীয় পথেৰে পঠিয়াব লাগিব।

উল্লেখ্যে যে, ভাৰতে আগুৰি থকা বাংলাদেশৰ ৯৫ শতাংশ বাণিজ্য পথৰ যোগেদি হয়। ফলত ভাৰতে জাৰি কৰা নিষেধাজ্ঞাৰ ফলত ৭৭০ মিলিয়ন ডলাৰৰ বাণিজ্যত প্ৰভাৱ পৰিব। যি দুয়োখন দেশৰ মুঠ বাণিজ্যৰ ৪২ শতাংশ। 

সাধাৰণতে সাগৰৰ তুলনাত পথৰ দ্বাৰা বাণিজ্যৰ ব্যয় বহু কম। এতিয়াৰ পৰা যদি বাংলাদেশে এই সকলোবোৰ সামগ্ৰী সাগৰীয় পথেৰে ভাৰতলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে তেন্তে খৰচ বহু বেছি বাঢ়িব। আৰ্থিকভাৱে দুৰ্বল বাংলাদেশৰ বাবে এয়া এক ডাঙৰ আঘাত। 

বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ এই পদক্ষেপ আমেৰিকাই চীনৰ ওপৰত আৰোপ কৰা উচ্চ হাৰৰ শুল্কতকৈও কঠোৰ। বৰ্তমান ভয়াৱহ আৰ্থিক সংকটত ভূগি থকা ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে সেয়ে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাৰ্তা প্ৰেৰণ কৰিছে।

নৰেন্দ্ৰ মোডী মহম্মদ ইউনুছ বাংলাদেশ