/asomiyapratidin/media/media_files/2025/05/14/4l872yy3HNzgrcJLaMss.jpg)
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তুৰস্ক আৰু আজাৰবাইজানে পাকিস্তানক মুকলি সমৰ্থন আগবঢ়োৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে উদ্যোগপতি হৰ্ষ গোৱেংকাই। ভাৰতীয় নাগৰিকক তুৰস্ক আৰু আজাৰবাইজান ভ্ৰমণ বৰ্জন কৰিবলৈও আহ্বান জনাইছে উদ্যোগপতিগৰাকীয়ে।
সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত উদ্যোগপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে, ২০২৪ চনত ভাৰতীয় পৰ্যটকে দুয়োখন দেশৰ অৰ্থনীতিলৈ ৪০০০ কোটি টকাৰো অধিক বৰঙণি আগবঢ়াইছিল।গোৱেংকাই কয় যে, ভাৰতীয় ভ্ৰমণকাৰীসকলে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ সময় আহি পৰিছে। আমাৰ শত্ৰুক সমৰ্থন কৰা দেশসমূহৰ অৰ্থনীতিক সমৰ্থন নকৰাৰ সময় আহি পৰিছে।
লক্ষ্যণীয় যে, গোৱেংকাৰ এই পোষ্টৰ পাছতে বহু ভাৰতীয় ট্ৰেভেল কোম্পানীয়ে ‘তুৰস্ক বৰ্জন’ আহ্বানক মুকলিকৈ সমৰ্থন জনায়। লগতে তুৰস্ক আৰু আজাৰবাইজানলৈ বুকিং বন্ধ কৰি দিছে। ট্ৰেভেল কোম্পানী ইক্সিগো, ইজিমাইট্ৰিপ আৰু কক্স এণ্ড কিংছে ঘোষণা কৰিছে যে তেওঁলোকে আৰু তুৰস্কলৈ ট্ৰেভেল পেকেজ প্ৰদান নকৰে।
ইফালে গ’ হোমষ্টেইছে টাৰ্কিছ এয়াৰলাইন্সৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ভৱিষ্যতৰ সকলো পেকেজৰ পৰা তেওঁলোকৰ বিমান সমূহ আঁতৰাই দিছে।