ৰাছিয়া-ইউক্ৰেইনৰ মাজত ১,০০০ যুদ্ধবন্দীৰ আদান-প্ৰদানৰ চুক্তি সম্পন্ন

২০২২ ৰ পৰাই যুদ্ধত লিপ্ত ৰাছিয়া আৰু ইউক্ৰেইনে ১৬ মে’,  ২০২৫, শুকুৰবাৰে ঘোষণা কৰিছে যে তেওঁলোকে ১,০০০ যুদ্ধবন্দীৰ আদান-প্ৰদানৰ বাবে এক চুক্তিত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
ৰাছিয়া-ইউক্ৰেইনৰ মাজত ১,০০০ যুদ্ধবন্দীৰ আদান-প্ৰদানৰ চুক্তি সম্পন্ন

ডিজিটেল ডেস্কঃ দীৰ্ঘ দিন ধৰি যুদ্ধত লিপ্ত হৈ থকা ৰাছিয়া আৰু ইউক্ৰেইনে ১৬ মে’,  ২০২৫ শুকুৰবাৰে ঘোষণা কৰিছে যে তেওঁলোকে ১,০০০ যুদ্ধবন্দীৰ আদান-প্ৰদানৰ বাবে এক চুক্তিত উপনীত হৈছে। ২০২২ চনৰ পৰাই আৰম্ভ হোৱা ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ এতিয়াও অব্যাহত আছে।

Advertisment

এই সময়ছোৱাত যুদ্ধ বিৰতিৰ সন্দৰ্ভত দুয়োখন দেশৰ মাজত আমেৰিকা, ইউ এ ই আদিৰ মধ্যস্থতাত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে যদিও যুদ্ধ বিৰতি সম্ভৱ হৈ উঠা নাই। অৱশ্যে তাৰা মাজতো দুয়ো দেশৰ মাজত বন্দী বিনিময় হৈছিল।

যুদ্ধ আৰম্ভ হোৱাৰ পিছতে এই সুদীৰ্ঘ সময়ত যুদ্ধ বন্দী বিনিময়ৰ ১৬ মে’ৰ চুক্তিয়েই আটাইতকৈ ডাঙৰ চুক্তি। এই সন্দৰ্ভত ৰাছিয়াৰ পক্ষৰ চুক্তিৰ আলোচনাকাৰী ভ্লাদিমিৰ মেডিনস্কীয়ে কয়, শান্তি আলোচনা শেষ হোৱাৰ পাছত দুই পক্ষই যুদ্ধ বিৰতিৰ বাবে এক বিস্তৃত প্ৰস্তাৱৰ বাবেও সন্মত হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰনেতা সকলে ৰাছিয়াক ৰাষ্ট্ৰনেতাসকলৰ বৈঠকৰ বাবে অনুৰোধ জনাইছে বুলি মেডিনস্কীয়ে উল্লেখ কৰে। তেওঁ কয়, এই প্ৰস্তাৱ ৰাছিয়াই বিবেচনা কৰিব।"

লগতে তেওঁ কয় যে ৰাছিয়াই আলোচনা আগবঢ়াই নিবলৈ সদায়েই সাজু। আজিৰ এই চুক্তিৰ পিছতে দীঘলীয়া যুদ্ধত লিপ্ত হৈ থকা দুয়োখন দেশৰ মাজত শান্তিৰ পথ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। 

 

ৰাছিয়া-ইউক্ৰেইন