ক্রীড়া-জগত

দূৰদৰ্শনক হৰুৱাই ফাইনেলত প্ৰৱেশ অসমীয়া প্ৰতিদিনৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নৰ্থ-ইষ্ট মিডিয়া টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ অসমীয়া প্ৰতিদিনৰ। বুধবাৰে জজ খেলপথাৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমি ফাইনেলৰ মেচত ৬ উইকেটত দূৰদৰ্শন কেন্দ্ৰক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হয় অসমীয়া প্ৰতিদিন।

আজিৰ এই মেচখনত প্ৰথমে বেটিং কৰি দূৰদৰ্শনে পলাশ কুমাৰ ৰয়ৰ ৫১, এছ বেনাৰ্জীৰ ৩১ আৰু হেমন্ত তালুকদাৰৰ ২৮ ৰানৰ সহায়ত ১৯.৫ অ'ভাৰত ১৫৪ ৰান সংগ্ৰহ কৰে। অসমীয়া প্ৰতিদিনৰ হৈ ৱাছিম আহমেদে ৩টা তৌহিদে ২টা আৰু পাৰ্থিৱ হাজৰিকা,বিতোপন কোঁৱৰ আৰু অবিনাশ ঠাকুৰীয়াই ১টাকৈ উইকেট দখল কৰে।

বিজয় লক্ষ্য সন্মুখত লৈ অসমীয়া প্ৰতিদিনে তৌহিদৰ অপৰাজিত ৮০, জগজিৎ সিঙৰ ১৬ আৰু পাৰ্থিৱ হাজৰিকাৰ অপৰাজিত ১২ ৰানৰ সহায়ত ১৮.৫ অ'ভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। মেচখনত তৌহিদে মেন অৱ দা মেচৰ সন্মান লাভ কৰে। এই জয়ৰ সুবাদতে বৃহস্পতিবাৰে ফাইনেলত অসমীয়া প্ৰতিদিন মুখামুখি হ'ব এন ডি ২৪ৰ বিপক্ষে।

উল্লেখ্য যে আজি প্ৰথমখন ছেমি ফাইনেলত এন ডি ২৪ৰ দলে প্ৰাগ নিউজক ৭২ ৰানত পৰাস্ত কৰে। মেচখনত এন ডি ২৪ৰ হৈ বাস্তৱ হাজৰিকা ৪৯ আৰু বিকাশ চেত্ৰীয়ে ৪০ ৰানৰ বৰঙণি যোগায়।