/asomiyapratidin/media/media_files/2025/05/22/DfIBrePNg4SQsWpxzYsN.jpg)
ভাৰতীয় দলত স্থান লাভ
ডিজিটেল ডেস্ক : মেন ইন ব্লু- বুকুত লিখা থাকিব ইণ্ডিয়া। আৰু থাকিব বি চি চি আইৰ লগ’। সোঁৱে- বাওঁৱে থাকিব টীম ইণ্ডিয়াক স্প’নছৰ কৰা বহুজাতিক প্ৰতিষ্ঠানৰ নামসম্বলিত লগ’।
এই পোছাকযোৰ পিন্ধাৰ প্ৰতি যে কিমানৰ হেঁপাহ তাক বুজাব নোৱাৰি। পোছাকযোৰৰ প্ৰতি থাকে আশা, থাকে সপোন। কঠোৰ অনুশীলন, নিষ্ঠা, একাগ্ৰতা ইত্যাদিৰ বলতহে এই পোছাক তথা ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী পিন্ধাৰ সৌভাগ্য হয়।
অৱশেষত ভাগ্যৰ দুৱাৰ মুকলি হ’ল আই পি এলৰ সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ তথা চমৎকাৰী বৈভৱ সূৰ্যবংশীৰ। চলিত বৰ্ষৰ আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ হৈ খেলা বৈভৱে পালে পৰিশ্ৰমৰ মূল্য।
বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে ঘোষণা কৰিলে ১৯ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত খেলুৱৈৰ নাম। এই দলত স্থান লাভ কৰিছে ৰাজস্থান ৰয়েলছৰ প্ৰতিভাৱান ক্ৰিকেটাৰ বৈভৱে। বৈভৱে বাকীসকল সদস্যৰ সৈতে ভাৰতীয় দলৰ পৰিচিত নীলা জাৰ্চী পিন্ধি উৰা মাৰিব ইংলেণ্ড অভিমুখে।
উল্লেখযোগ্য যে, চলিত আই পি এলত তেওঁ কৰা প্ৰদৰ্শনৰ ভিত্তিত ইংলেণ্ড অভিমুখী ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডত ভাৰতীয় দলটোৱে খেলিব ৫খন এদিনীয়া মেচ।
২৪ জুনৰ পৰা ২৩ জুলাইলৈকে অনুষ্ঠিত হ’ব ভাৰত- ইংলেণ্ড শৃংখলা। এই দলটোক নেতৃত্ব দিব চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈ আয়ুস মালহোত্ৰাই।