টেষ্ট ক্ৰিকেটক বিদায় দিলে এঞ্জেল' মেথিউছে...

এঞ্জেল’ মেথিউছে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ১৭ জুনৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টেই হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন টেষ্ট।

author-image
Tushar Pratim
New Update
টেষ্ট ক্ৰিকেটক বিদায় দিলে এঞ্জেল' মেথিউছে...

ডিজিটেল ডেস্কঃ শ্ৰীলংকান ক্ৰিকেটাৰ এঞ্জেল’ মেথিউছে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ১৭ জুনৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টেই হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন টেষ্ট।

Advertisment

অৱশ্যে তেওঁ ৰেড বল ক্ৰিকেটক বিদায় জনালেও প্ৰয়োজনত দেশে বিচাৰিলে হোৱাইট বল ক্ৰিকেট খেলিবলৈ উপলব্ধ থাকিব বুলিও জনাইছে। উল্লেখ্য যে, যোৱা প্ৰায় এটা বছৰ ধৰি মেথিউছক শ্ৰীলংকাৰ জাতীয় দলত হোৱাইট বল ক্ৰিকেটত স্থান দিয়া হোৱা নাই। সেয়ে তেওঁ হোৱাইট বল ক্ৰিকেটক যে বিদায় জনোৱা নাই সেই কথা স্পষ্ট কৰি দিছে। 

এই পৰ্যন্ত ১১৯ খন টেষ্ট খেলা ক্ৰিকেটাৰগৰাকীয়ে ২০০৯ চনত টেষ্টত আত্মপ্ৰকাশ কৰিছিল। অহা সপ্তাহত ৩৮ বছৰ সম্পূৰ্ণ কৰিবলগীয়া মেথিউছৰ বাবে টেষ্ট ক্ৰিকেটত বয়সেই হেঙাৰ হৈ আহিছে। চলিত বছৰ বাংলাদেশ ভ্ৰমণৰ পিছত পুনৰ টেষ্ট খেলিবলৈ ২০২৬ ৰ মে’ মাহলৈকে অপেক্ষা কৰিব লাগিব। সেয়ে তেওঁ অৱসৰৰ বাবে বাংলাদেশৰ শৃংখলাকেই নিৰ্বাচন কৰিলে। 

ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ অৱসৰৰ সন্দৰ্ভত কয়,  শ্ৰীলংকাৰ হৈ ক্ৰিকেট খেলি যোৱা ১৭ টা বছৰত মই সৰ্বোচ্চ সন্মান আৰু গৌৰৱ অৰ্জন কৰিছো। মই ক্ৰিকেটক সকলো দিছো আৰু ক্ৰিকেটেও মোক বিনিময়ত সকলো দিছে। মই আজি যি সেয়া ক্ৰিকেটেই গঢ় দিছে। 

উল্লেখ্য ২০২৬ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ সহ-আয়োজক শ্ৰীলংকা। সেয়ে আশা কাৰ হৈছে মেথিউছক টি-২০ দললৈ বাছনি কৰাৰ সম্ভাৱনা আছে।

টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰৰ ক্ষেত্ৰত মেথিউছক কাললৈ জীয়াই ৰাখিব ২০১৪ চনত হেডিংলিত শ্ৰীলংকাৰ সেই বিখ্যাত জয়ে।সেই টেষ্টত তেওঁৰ বেটৰ পৰা অহা ১৬০ ৰাণে বিজয়ৰ পথলৈ দলটোক ঘূৰাই আনিছিল। 

তেওঁ দেশখনৰ হৈ ৩৪ খন টেষ্টত অধিনায়কত্বৰ দায়িত্ব পালন কৰিছিল। বেটছমেন হিচাপে তেওঁৰ কেৰিয়াৰত ৮১৬৭ ৰাণ সংগ্ৰহ কৰিছে। দেশখনৰ হৈ সৰ্বাধিক ৰাণ  সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ তালিকাত তেওঁ কুমাৰ সংগকৰাৰ ১২, ৪০০ আৰু মহেলা জয়ৱৰ্ধনেৰ ১১,৮১৪ ৰাণৰ পিছতে তৃতীয় স্থানত আছে। 

তেওঁৰ নামত আছে ১৬ টা শতক। টেষ্টত তেওঁৰ গড় ৰাণ ৪৪.৬২। তাৰোপৰি তেওঁৰ নামত আছে ৩৩ টা উইকেট।

টেষ্ট ক্ৰিকেট ক্ৰিকেট