/asomiyapratidin/media/media_files/2025/05/18/CgXoxmI804RbFXld5Bt5.jpg)
ডিজিটেল ডেস্ক : গৃহ চহৰত পুনৰ পৰাস্ত ৰাজস্থান ৰয়েলছ। দলৰ নিয়মীয়া অধিনায়ক সঞ্জু ছেমছনে প্ৰত্যাৱৰ্তন কৰিলেও কাৰ্যতঃ কামত নাহিল তেওঁৰ উপস্থিতি। উত্তেজনাহীন তথা চাপমুক্ত হৈ খেলত অৱতীৰ্ণ হৈও পঞ্জাৱৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিলে ৰাজস্থানে।
দেওবাৰে ৰাজস্থানৰ ছাৱাই মান সিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত পোনতে বেট ধৰি প্ৰতিপক্ষ পঞ্জাৱে নিৰ্ধাৰিত অ’ভাৰত মাত্ৰ ৫টা উইকেট হেৰুৱাই ২১৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জয়ৰ লক্ষ্য আগত লৈ ঘৰুৱা দলটোৱে ৭টা উইকেট হেৰুৱাই ২০৯ ৰানতে থমকি ৰয় আৰু পৰাজয়বৰণ কৰে। বিপৰীতে পঞ্জাৱৰ এই জয়ে প্লে অফৰ আশা আৰু অধিক সজীৱ কৰি তোলে।
উল্লেখযোগ্য যে, ৰাজস্থানৰ হৈ অ’পেনিঙত সুন্দৰ আৰম্ভণি কৰে জয়ছোৱাল আৰু বৈভৱে। দুয়ো প্ৰথম উইকেটত ৭৬ ৰান যোগ দিয়ে।
জয়ছোৱালে ২৫টা বলত ৫০ ৰান কৰে। একেদৰে বৈভৱে মাত্ৰ ১৫টা বলত ৪০ ৰান কৰি আউট হয়।
তৃতীয় উইকেটত ক্ৰিজত নমা অধিনায়ক সঞ্জু ছেমছনে মাত্ৰ ২০ কৰিয়েই বিদায় মাগে। একেই দশা চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা অসম সন্তান ৰিয়ান পৰাগৰ ক্ষেত্ৰতো। ৰিয়ানে মাত্ৰ ১৩ ৰান কৰি পেভিলিয়নমুখী হয়। অৱশ্যে শেষৰ ফালে ধ্ৰুৱ জুৰেল কিছু আশাৰ ৰেঙণি দেখুৱাইছিল যদিও তেওঁ ৫৩ ৰান কৰি বিদায় মাগে।