/asomiyapratidin/media/media_files/2025/05/24/JJbVA9pKBsvOqH0Xinw3.jpg)
ডিজিটেল ডেস্ক : ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দললৈ দুঃসংবাদ। তাৰকা পেচবলাৰ যশপ্ৰীত বুমৰাহে ইংলেণ্ড ভ্ৰমণত তিনিখনতকৈ অধিক টেষ্ট নেখেলে। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক নিজৰ সিদ্ধান্তৰ কথা জনাইছে বুমৰাহে। এক সূত্ৰই সদৰী কৰিছে এই কথা।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ ৫খন টেষ্টতে খেলিছিল তেওঁ। কিন্তু অন্তিমখন টেষ্ট খেলাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছেল। যাৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল বুমৰাহ।
একেদৰে আই পি এলতো আৰম্ভণিৰ ফালে খেলিব পৰা নাছিল তেওঁ। আঘাতমুক্ত হৈ খেলপথাৰলৈ উভতি আহিলেও একেৰাহে ৫খন টেষ্ট খেলাটো এতিয়া বুমৰাহৰ বাবে সম্ভৱ নহয়। সেইবাবেই তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলাৰ ৩খনতহে খেলাৰ সিদ্ধান্ত লৈছে।