/asomiyapratidin/media/media_files/2025/05/24/2nWKmNT2cwfTQ4fOVpjv.jpg)
ডিজিটেল ডেস্ক : ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত জল্পনা চলিছিল ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদ কাৰ হাতত অৰ্পণ কৰিব। পিছে এই জল্পনাৰ অৱসান ঘটাই শনিবাৰে চূড়ান্ত কৰিলে নতুন অধিনায়কৰ নাম।
আসন্ন ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। তাত তেওঁলোকে ৫খনীয়া টেষ্ট শৃংখলাত ভাগ ল’ব। এই শৃংখলাৰ বাবে ভাৰতীয় দলৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে শুভমন গীলক। একেদৰে সহ অধিনায়কৰ দায়িত্ব দিয়া হৈছে উইকেটৰক্ষক বেটাৰ ঋষভ পণ্টক।
অৱশ্যে অধিনায়ক পদৰ দৌৰত আছিল কে এল ৰাহুল আৰু যশপ্ৰীত বুমৰাহ। পিছে বুমৰাহৰ শাৰীৰিক অসুস্থতাৰ বাবে সেই চিন্তা পৰিহাৰ কৰা বুলি এক সূত্ৰে জানিব পৰা গৈছে।
ইফালে দীৰ্ঘ বিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে কৰুণ নায়াৰে। মহম্মদ ছামীক এই শৃংখলাৰ বাবে বাদ দিয়া হৈছে। বিপৰীতে শ্বাৰ্দুল ঠাকুৰক অন্তৰ্ভুক্ত কৰা হৈছে।
ঘোষিত দলটো-
শুভমন গীল (অধিনায়ক), ঋষভ পণ্ট (সহ অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ঈশ্বৰণ, কৰুণ নায়ৰ, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শ্বাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশদীপ, অৰ্শদীপ সিং আৰু কুলদীপ যাদৱ।