৭ লাখ টকালৈ আয়কৰ ৰেহাই...
৭ লাখ টকালৈ আয়কৰ ৰেহাই...  
ৰাষ্ট্ৰীয়

৭ লাখ টকালৈ আয়কৰ ৰেহাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীয়ে আয়কৰৰ ক্ষেত্ৰত বাজেট ঘোষণাত উল্লেখ কৰি কয় যে, বছৰি ৭ লাখ টকালৈকে উপাৰ্জন কৰা লোকে আয়কৰ দিব নালাগে।

আনহাতে ৯ ৰ পৰা ১২ লাখ টকালৈকে বছৰি উপাৰ্জন কৰা সকলে ভৰিব লাগিব ১৫ শতাংশ আয়কৰ। বছৰি ১২ ৰ পৰা ১৫ লাখ টকালৈ উপাৰ্জন কৰা সকলে ভৰিব লাগিব ২০ শতাংশ আংয়কৰ।

আনহাতে ১৫ লাখৰ অধিক উপাৰ্জন কৰাসকলে ভৰিব লাগিব ৩০ শতাংশ আয়কৰ। উল্লেখ্য যে পূৰ্বতে আয়কৰ ৰেহাইৰ সীমা আছিল ৫ লাখ।