/asomiyapratidin/media/media_files/2025/05/31/Pimz6qFA6aTO0GuaimlP.jpeg)
ডিজিটেল ডেস্কঃ উত্তৰ ছিকিমত জটিল হৈ পৰিছে বান পৰিস্থিতি। শুকুৰবাৰে নিশাৰে পৰা তীস্তা নদীৰ পানীত বুৰ গৈছে উত্তৰ ছিকিমৰ ইটোৰ পিছত সিটো অঞ্চল। তাৰোপৰি ঠায়ে ঠায়ে হৈছে ভূমিস্খলন।
এনে পৰিস্থিতিত উত্তৰ ছিকিমৰ বাবে চৰকাৰে জাৰি কৰিছে গাইডলাইন। উত্তৰ ছিকিম ভ্ৰমণৰ ক্ষেত্ৰত পৰ্যটকসকলৰ বাবেও জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী।
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰৰ পৰা জাৰি কৰিছে ৰেড এলাৰ্ট। স্থানীয় সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিকিমৰ বিভিন্ন স্থানত ভূমিস্খলন হৈ যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে।
ভূমিস্খলনৰ বাবেই বন্ধ হৈ আছে টুং চেকপোষ্টৰ সমীপৰ পথ। ছিকিমৰ পৰা সাত মাইল দূৰৈৰ নামচি জিলাৰ লেগশ্বিপ আৰু কেউজিঙৰ মাজতো ভূমিস্খলন সংঘটিত হৈছে। এই অঞ্চলত এখন তেল ভৰ্টি টেংকাৰ দুৰ্ঘটনাত পতিত হৈছে।
ইফালে সময় বাগৰাৰ লগে লগে তীস্তাৰ জলপৃষ্ঠ যথেষ্ঠ বৃদ্ধি পাইছে। উত্তৰ ছিকিমৰ মংগন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বুলি ছিকিম চৰকাৰে নিৰ্দেশ জাৰি কৰিছে।
যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো বিভাগকে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। তীস্তা নদীৰ পাৰৰ লোকসকলৰ বাবে হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে।
ছিকিম চৰকাৰে সকলো বিভাগকে তীস্তা নৈৰ পাৰৰ লোকসকলক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। এনে প্ৰতিকুল পৰিস্থিতিৰ মাজতে বহু পৰ্যটক উদ্ধাৰ সন্ধানহীন বৈ আছে। সন্ধানহীন হৈ থকা এই পৰ্যটকসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত আছে যদিও প্ৰতিকুল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে প্ৰতিকুল বতৰৰ মাজতে উত্তৰ ছিকিমৰ চুংথাঙৰ পৰা মুনসিথাংলৈ যাত্ৰা পথত এখন পৰ্যটকৰ বাহন দুৰ্ঘটনাত পতিত হৈছিল। বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ওপৰৰ পৰা প্ৰায় ১০০০ ফুট তলত থকা তীস্তা নদীত বাগৰি পৰে।
জানিব পৰা মতে সেই বাহনখনত আছিল ১১জন লোক। তেওঁলোক আছিল পশ্চিম বংগ, ওড়িষ্যা আৰু ত্ৰিপুৰাৰ বাসিন্দা। এই যাত্ৰীসকলক ভিতৰত এজনক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে দুজনক আঘাতপ্ৰাপ্তত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। বাকীসকলৰ এতিয়ালৈকে কোনো সন্ধান নাই।