/asomiyapratidin/media/media_files/2025/05/31/dkUnKvCD1VL3E62Eg61D.jpg)
ডিজিটেল ডেস্কঃ বাৰিষাৰ আগমণৰ লগে লগে সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। নেৰানেপেৰা বৰষুণৰ ফলত অসম, উত্তৰ পূৰ্বাঞ্চলসহ দেশৰ কেইবাখনো ৰাজ্যৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে। এই পৰ্যন্তে প্ৰতিকুল বতৰৰ বাবেই কেইবাজনো লোকে প্ৰাণ হেৰুওৱা বুলিও জানিব পৰা গৈছে।
মিজোৰামত যোৱা কেইবাটাও দিন ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ। এনে বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনত ৰাজ্যখনৰ লংটলাই চহৰত তিনিটাকৈ বাসগৃহ ভাঙি পৰিছে। আইজলত দেৱাল ভাঙি এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হৈছে। চম্পাই জিলাত কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পাহাৰীয়া নৈৰ ঢৌত উটি গৈছে।
ত্ৰিপুৰাত এটি ১৬ বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটিছে। ৫৭টা পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হয়। মেঘালয়তো তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত এগৰাকী মহিলা ভূমিস্খলনৰ ফলত, এগৰাকী লোক পানীত ডুব যোৱাৰ ফলত আৰু এজন কিশোৰৰ গছ পৰি মৃত্যু হৈছে।
ৰাজ্যখনৰ ২৫খন গাঁৱৰ ১০০০ৰো অধিক লোক বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটীত ভূমিস্খলন আৰু লখিমপুৰ বানপানীৰ ফলত এই পৰ্যন্ত দুজন ব্যক্তিৰ মৃত্যু হৈছে। অসমৰ কেইবাখনো জিলাৰ ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। শুকুৰবাৰৰ দিনটোত গুৱাহাটী সম্পূৰ্ণৰূপে পানীৰ তলত ডুব যায়।
ছিকিমত প্ৰবল বৰষুণৰ ফলত থিং আৰু চুংথাং অঞ্চলত ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে। মংগন জিলা প্ৰশাসনৰ তথ্য অনুসৰি বহু সম্পত্তিৰ ক্ষতিসাধন হৈছে।
কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগ (আই এম ডি)ৰ তথ্য অনুসৰি দিল্লীত এতিয়ালৈকে সৰ্বাধিক মে’ মাহত ১৮৮.৯ মিলিমিটাৰ বৰষুণ হৈছে। যোৱা বছৰ মে’ মাহত দিল্লীত প্ৰৱল গ্ৰীষ্ম প্ৰবাহ অব্যাহত আছিল। এইবাৰ তেনে গ্ৰীষ্ম প্ৰবাহ নাই।
কৰ্ণাটকতো অভিলেখ হাৰত বৰষুণ হৈছে। মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই এই সন্দৰ্ভত কয় যে, ৰাজ্যখনত যোৱা ১২৫ বছৰৰ ভিতৰত মে’ মাহত সৰ্বাধিক বৰষুণ হৈছে। ৰাজ্যখনৰ ২৮ খন জিলাত স্বাভাৱিকতকৈ অধিক বৰষুণ হৈছে। শুকুৰবাৰে প্ৰচণ্ড বৰষুণৰ মাজত ভূমিস্খলনৰ ফলত মংগালুৰুত ৩ বছৰীয়া শিশুসহ দুজন লোকৰ মৃত্যু হৈছে।
কেৰালাতো একেই অৱস্থা। প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত ৰাজ্যখনত বিশেষকৈ থ্ৰিছুৰ, কান্নুৰ আৰু কাছাৰাগোডত ঘৰ-দুৱাৰ আৰু বাট-পথ বানপানীত বুৰ গৈছে। গছ উভালি পৰাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ ক্ষতিগ্ৰস্ত হৈ সংযোগ বিচ্ছিন্ন হৈছে। বহু লোকক স্থানান্তিৰত কৰিবলগীয়া হৈছে। হিমাচল প্ৰদেশত শিলাবৃষ্টিৰ ধুমুহাই ছিমলাৰ জনজীৱন স্তব্ধ কৰি তুলিছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দক্ষিণ ভাৰতত ৩০ মে’ৰ পৰা ১ জুনলৈকে কেৰালা আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত ধুমুহা, বিজুলী, আৰু ঘণ্টাত প্ৰায় ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বতাহৰ সৈতে প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে। অন্ধ্ৰপ্ৰদেশতো ২ জুনলৈকে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
উত্তৰ পশ্চিম ভাৰতৰ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীতো ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা, বৰষুণ অহাৰ সম্ভাৱনা আছে। ১ জুনলৈকে পঞ্জাৱ, হাৰিয়ানা, দিল্লী আৰু হিমাচল প্ৰদেশৰ কিছু অংশ ঘণ্টাত ৫০–৬০ কিলোমিটাৰ বেগত ধুমুহা, বতাহ, বৰষুণৰ সম্ভাৱনা আছে।
৩১ মে’ৰ দিনটোত জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২ জুনৰ পৰা ৰাজস্থান আৰু উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশত ধূলিৰ ধুমুহাৰ সম্ভাৱনা আছে।
উত্তৰ পূৱ ভাৰতত আগন্তুক সাত দিনলৈ ব্যাপক হাৰত পাতলীয়া আৰু মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৫ জুনলৈকে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত প্ৰচণ্ড বৰষুণৰ পূৰ্বানুমান কৰা হৈছে।
পশ্চিম ভাৰতৰ গোৱা, মধ্য মহাৰাষ্ট্ৰ, গুজৰাট আদিত মধ্যমীয়া বৰষুণৰ লগতে ব্ৰজপাতৰ সম্ভাৱনা আছে। পূৱ মধ্য ভাৰতত ১ জুনলৈকে সমগ্ৰ বিদৰ্ভ, ছত্তীশগড়, পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িষ্যা, মধ্যপ্ৰদেশ আৰু বিহাৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।