ঘিলামৰাৰ ৰাজপথত স্কুটি এৰি সন্ধানহীন ধেমাজিৰ ৰাজু বাঞ্চাল...

ধেমাজি নগৰৰ এগৰাকী  প্ৰাক্তন ব্যৱসায়ী ৰাজু বাঞ্চাল ।প্ৰায় ৪৭ বছৰ বয়সীয়া ধেমাজি নগৰৰ মাৰোৱাৰী যুৱ মঞ্চৰ সমীপৰ বাসিন্দা শনিবাৰে পুৱাৰ পৰা সন্ধানহীন হোৱা আৰু পৰৱৰ্ত্তী

author-image
Asomiya Pratidin
New Update
800219f1-6812-4295-96b6-5f7c41d8d297

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ধেমাজি নগৰৰ এগৰাকী  প্ৰাক্তন ব্যৱসায়ী ৰাজু বাঞ্চাল ।প্ৰায় ৪৭ বছৰ বয়সীয়া ধেমাজি নগৰৰ মাৰোৱাৰী যুৱ মঞ্চৰ সমীপৰ বাসিন্দা শনিবাৰে পুৱাৰ পৰা সন্ধানহীন হোৱা আৰু পৰৱৰ্ত্তী সময়ত গোগামুখ- ঘিলামৰা সংযোগী ৰাজ্যিক পথৰ চাম্পৰা নদীৰ দলংৰ ওপৰত এখন পৰিত্যক্ত অৱস্থাত স্কুতি উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

ঘটনাৰ বিবৰণী মতে বাঞ্চালে  শনিবাৰে পুৱা প্ৰায় ৫বজাত ঘৰত থকা পৰিয়ালৰ একমাত্ৰ সদস্য পত্নীৰ সৈতে সামান্য কথাত মনোমালিন্য ঘটাৰ পাছত ঘৰৰ পৰা ওলাই যায় । পৰৱৰ্তী সময়ত প্ৰায় ৮ মান বজাত পুনৰ ঘৰলৈ গৈ এ এছ ২২/ এফ/১৪৮৫ নম্বৰৰ হালধীয়া বৰণৰ পুত্ৰৰ নামত পঞ্জীকৃত স্কুতিখনলৈ ওলাই আহে ।

হেলমেট পৰিধান কৰি  অন্য দিনৰ দৰেই ওলাই অহা ব্যক্তি গৰাকীৰ চাবি আৰু হেলমেটসহ স্কুতিখন ঘিলামৰা -গোগামুখ সংযোগী পথত থকা দলংৰ দাঁতিত ৰখাই থোৱা পৰিলক্ষিত হয় ।  এপাট চেন্ডেল চাম্পৰা দলংৰ ওপৰত পৰি থকা আৰু ঘিলামৰা অভিমুখে ৰহস্যজনক ভাবে বহু সময় ধৰি স্কুতিখন ৰখাই থোৱা অৱস্থাত  সন্দেহ কৰি  ঘিলামৰা থানাৰ অৱগত কৰা হয় । আৰক্ষীয়ে গৈ পৰিত্যক্ত স্কুতিখন  উদ্ধাৰ কৰি ঘিলামৰা থানালৈ আনে ।

সামাজিক মাধ্যম যোগে এই সন্দৰ্ভত প্ৰচাৰ হোৱাত ঘৰৰ পৰা ওলাই অহা বাঞ্চালৰ আত্মীয়ই ঢকুৱাখনাৰ "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ সতে যোগাযোগ কৰি স্কুতিখন চিনাক্ত কৰা বুলি কৈ  এই সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দিয়া বুলি জনাই । জনামতে ঘৰুৱা মনোমালিন্যৰ বাবেই বাঞ্চাল প্ৰবল বৰষুণকো উপেক্ষা কৰি ঘিলামৰাৰ ভৰুণ চাম্পৰা নদীৰ দলংৰ ওপৰৰ এই বিশেষ স্থানত উপস্থিত হয় ।

অদ্যপি ব্যক্তি গৰাকী কলৈ গল ,কত আছে  অথবা শাৰীৰিক অৱস্থিতি  সকলোৰে বাবে অজ্ঞাত হৈ আছে ।প্ৰধানকৈ চাবি ,হেলমেট সহ স্কুতিখন ৰাখি বাঞ্চাল উধাও হোৱা কাণ্ডই সুকীয়া ইংগিত বহন কৰিছে । আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত তথ্য  পোহৰলৈ আনিব। এটি পুত্ৰ আৰু এগৰাকী কন্যাৰ অৱৰ্তমানত কেৱল পত্নী সহ ধেমাজিত বাস কৰা বাঞ্চালৰ সন্ধানহীন হোৱাৰ খবৰে ধেমাজিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ঢকুৱাখানা