অসম সাহিত্য সভাৰ উদ্যোগত সাহিত্যসূর্য লুম্মেৰ দাইৰ ৮৫সংখ্যক জন্মজয়ন্তী পালন

বিশিষ্ট সাহিত্যিক তথা অৰুণাচল প্রদেশ লিটাৰেৰী ছচাইটিৰ সভাপতি য়েছে দৰজে ঠংছিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া সভাখনত বিশিষ্ট সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলাই নির্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিব।

author-image
Asomiya Pratidin
New Update
weqew

ডিজিটেল সংবাদ: আজি অৰুণাচল প্রদেশৰ পাছিঘাটৰ গান্ধী ছেকেণ্ডেৰী স্কুল তিনিআলিত অসম সাহিত্য সভাৰ উদ্যোগত, পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জন্মজয়ন্তী উদযাপন কৰে।

Advertisment

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতৰ আৱক্ষমূর্তি উন্মোচন আৰু লুম্মেৰ দাই সাহিত্য বঁটা প্রদান অনুষ্ঠান আয়োজন কৰা হয়। সেই অনুসৰি পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্তকুমাৰ গোস্বামীয়ে।

৯-১৫ বজাত সভাপতিৰদ্বাৰা লুম্মেৰ দাইৰ আৱক্ষমূর্তি উন্মোচনৰ পিছতে স্মৃতি তর্পণ কৰিব আদি বানে কীবাংৰ সভাপতি টাদুম লিবাং আৰু আদি আগম কীবাংৰ সভাপতি টায়েক টালমে।দিনৰ ১০ বজাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত লুম্মেৰ দাই বঁটা প্ৰদান অনুষ্ঠানত পদ্মশ্রী মামং দাইক লুম্মেৰ দাই বঁটা প্ৰদান কৰা হ'ব।

বিশিষ্ট সাহিত্যিক তথা অৰুণাচল প্রদেশ লিটাৰেৰী ছচাইটিৰ সভাপতি য়েছে দৰজে ঠংছিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া সভাখনত বিশিষ্ট সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলাই নির্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিব।

বিশিষ্ট লেখক ড০ অজিত শইকীয়াই আমন্ত্রিত অতিথি; অৰুণাচলপ্রদেশ ৰাজ্যিক বিজেপিৰ সভাপতি কালিং ময়ং, অৰুণাচলপ্ৰদেশৰ পঞ্চায়তৰাজ আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী অজিং টাচিং, স্বাস্থ্যমন্ত্রী বিউৰাম ৰাগী, পাছিঘাট বিধান সভা সমষ্টিৰ বিধায়ক টাপি দাৰাং, ৰুকছিন বিধান সভা সমষ্টিৰ বিধায়ক নিনং ইবিং, মেব' বিধান সভা সমষ্টিৰ বিধায়ক অকেন টায়েং, য়িংকিয়ং বিধান সভা সমষ্টিৰ বিধায়ক আল' লিবাং, গেকু মাৰয়াং বিধান সভা সমষ্টিৰ বিধায়ক অনি পাঞাং, কয়ো বিধান সভা সমষ্টিৰ বিধায়ক টাজিৰ কাক্কি, অসমৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা উপস্থিত থাকে।

লগতে অৰুণাচল প্রদেশৰ প্রাক্তন শিক্ষামন্ত্ৰী বচিৰাম চিৰাং, প্রাক্তন মন্ত্রী লম্ব টাযেং, পূব চিয়াং জিলাৰ উপায়ুক্ত টায়ি টান্নুৱে সন্মানীয় অতিথি আৰু বিশিষ্ট অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ বিশিষ্ট লেখক আৰু পণ্ডিত অচং ইবিং, বিশিষ্ট লেখক ক্ৰমে বানি দাংগেন, কালিং বৰাং, বিশিষ্ট সমাজ কর্মী আৰু উপদেষ্টা অবাং দাই, অৰুণাচল প্রদেশ লিটাৰেৰী ছচাইটিৰ চিয়াং শাখাৰ সভানেত্ৰী পনুং ইৰিঙে অংশগ্ৰহণ কৰিব বুলি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিছে।

প্ৰধান সম্পাদকগৰাকীয়ে লগতে অৰুণাচল প্ৰদেশ আৰু অসমৰ শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান আৰু বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উক্ত সভাত সমূহ সাহিত্য অনুৰক্তৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

অৰুণাচল প্ৰদেশ