মাওবাদীৰ আক্ৰমণত ১০ জোৱানসহ ১১ জনৰ মৃত্যু...
মাওবাদীৰ আক্ৰমণত ১০ জোৱানসহ ১১ জনৰ মৃত্যু... 
ৰাষ্ট্ৰীয়

মাওবাদীৰ আক্ৰমণত ১০ জোৱানসহ ১১ জনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ মাওবাদীয়ে সংঘটিত কৰিলে এক ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত ছহিদ হৈছে ১০ জনকৈ সেনা জোৱান। আজি ছত্তিশগড়ৰ দান্তেৱাড়াত নক্সালবাদীয়ে নিৰাপত্তাবাহিনীৰ ওপৰত সংঘটিত কৰে এক আক্ৰমণ।

নক্সালৰ দ্বাৰা সংস্থাপন কৰি থোৱা আই ই ডি বিস্ফোৰণৰ ফলত ছহিদ হৈছে ১০ জনকৈ সেনা জোৱান। এই ঘটনাত নিহত হৈছে আন এজন চালকো।

দান্তেৱাড়াৰ আৰণপুৰ আৰক্ষী থানা এলেকাত মাওবাদী কেডাৰৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছতে নক্সাল বিৰোধী অভিযানৰ বাবে দান্তেৱাড়াৰ পৰা ডি আৰ জি বাহিনী প্ৰেৰণ কৰা হৈছিল।

অভিযানৰ পিছত উভতি অহাৰ সময়তে, মাওবাদীসকলে আৰণপুৰ পথত সংস্থাপন কৰি থোৱা আই ই ডি বিস্ফোৰণ হয়। এই আক্ৰমণত, অভিযানলৈ যোৱা ১০জন ডি আৰ জি কৰ্মী আৰু এজন চালক নিহত হয়।