/asomiyapratidin/media/media_files/2025/05/27/zA9Mcni2y4MZm2NOIyaz.jpg)
ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ
ডিজিটেল সংবাদ, নতুন দিল্লী: মঙলবাৰে ৰে’ল ভৱনত কেন্দ্রীয় ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যত ৰে’লৱে আন্তঃগাঁথনি সম্প্ৰসাৰণ, প্ৰযুক্তিৰ আধুনিকীকৰণ, তথ্য বিনিময়ৰ উন্নতি, কৰ্মপ্ৰবাহক অনুকূল কৰি তোলা আৰু সহযোগিতাৰ জৰিয়তে লিগেচি পৰিবহণৰ বটলনেকসমূহ লাঘৱ কৰাৰ সন্দৰ্ভত এই বৈঠকত দীঘলীয়াকৈ আলোচনা কৰা হয়।
বৈঠকত ৰে’ল মন্ত্ৰী বৈষ্ণৱে এই কথা স্বীকাৰ কৰে যে, অসমত এটা লজিষ্টিক হাব নিৰ্মাণৰ পথ প্ৰশস্ত কৰিবলৈ সম্প্ৰসাৰণ আৰু বৰ্তমানৰ আন্তঃগাঁথনিৰ উন্নতিৰ জৰিয়তে ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়। উল্লেখ্য যে, এই বৈঠকত অসমৰ মুখ্য সচিব ড০ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদী আৰু অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভন উপস্থিত থাকে। প্ৰায় এঘণ্টা ধৰি চলিছিল এই বৈঠকখন।
বৈঠকৰ অন্তত এক্সত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে যে, কেন্দ্রীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক লগ পাই আনন্দিত হৈছো। আজি আমি লিগেচি পৰিবহণৰ বটলনেক লাঘৱ কৰাৰ লগতে অসমৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কেইবাটাও প্ৰচেষ্টাৰ ওপৰত দীঘলীয়াকৈ আলোচনা কৰিলোঁ৷’