মাওবাদী নক্সাল মুক্ত ভাৰত ! ২০০ জিলাৰ পৰা মাত্ৰ ৬ খন জিলালৈ সংকুচিত নক্সালবাদ...

চলিত বছৰতে সুৰক্ষা বাহিনীৰ অভিযানত প্ৰায় ৩০০ জন নক্সালবাদীৰ মৃত্যু হোৱা ঘটনাই কেন্দ্ৰীয় চৰকাৰে অশান্তি আৰু হিংসাৰ যুগৰ অন্ত পৰাৰ এক সংকেত দিবলৈ চেষ্টা কৰিছে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
মাওবাদী মুক্ত ভাৰত ! ২০০ জিলাৰ পৰা মাত্ৰ ৬ খন জিলালৈ সংকুচিত নক্সালবাদ...

ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পিছত দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বৃহৎ ভাবুকি হিচাপে বিবেচিত হোৱা নক্সালবাদ ক্ৰমাৎ দুৰ্বল হৈ আহিছে। চলিত বছৰতে সুৰক্ষা বাহিনীৰ অভিযানত প্ৰায় ৩০০ জন নক্সালবাদীৰ মৃত্যু হোৱা ঘটনাই কেন্দ্ৰীয় চৰকাৰে অশান্তি আৰু হিংসাৰ যুগৰ অন্ত পৰাৰ এক সংকেত দিবলৈ চেষ্টা কৰিছে। 

Advertisment

চলিত সপ্তাহত ছত্তীশগড়ত সুৰক্ষা বাহিনীৰ অভিযানত কেইবাটাও বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সুৰক্ষা বাহিনীৰ এই অভিযানৰ সময়ত নম্বলা কেশৱ ৰাও ওৰফে বসৱৰাজুৰ মৃত্যু হয়।এই ঘটনাই নক্সাল আন্দোলনক এক গভীৰ আঘাত কৰিলে। প্ৰথমবাৰলৈ যোৱা ৩০ বছৰৰ ভিতৰত সংগঠনৰ শীৰ্ষ নেতৃত্ব সাধাৰণ সম্পাদকৰ এইদৰে এনকাউণ্টাৰত মৃত্যু হৈছে।

এই অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল এই অভিযান কোনো কেন্দ্ৰীয় বাহিনীৰ দ্বাৰা নহয়, বৰঞ্চ ছত্তীশগড় আৰক্ষীৰ ‘ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড’ (DRG)-এ সফলতাৰে সম্পন্ন কৰিলে। এই DRG-ৰ সদস্যসকলৰ অধিকাংশেই সদ্য আত্মসমৰ্পণ কৰা নক্সাল আৰু স্থানীয় আদিবাসী যুৱক। যিসকলে অঞ্চলটোৰ ভৌগলিক স্থিতি আৰু বিদ্ৰোহী কৌশল সম্পৰ্কে অৱগত।

২০২২ চনত DRG-ৰ সফলতাৰ পিছত ‘বস্তৰ ফাইটাৰ্ছ’ গঠন কৰা হৈছিল। যাৰ জৰিয়তে অধিক সংখ্যক আদিবাসীক অন্তৰ্ভুক্ত কৰি গভীৰ জংঘলৰ ভিতৰত প্ৰৱেশ কৰি নক্সাল বিদ্ৰোহ দমন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল।

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ নেতৃত্বত ভাৰত চৰকাৰে নক্সালবাদক দমন কৰিবলৈ যি দৃষ্টিভংগী গ্ৰহণ কৰিছে, সেই দৃষ্টিভংগী সম্পূৰ্ণভাৱে এক নতুন পৰিসৰ উন্মোচন কৰিছে। নক্সালবাদক দমন কৰিবলৈ মোডী আৰু শ্বাহ যুটিয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁলোকে ইয়াৰ বাবে গ্ৰহণ কৰে ‘SAMADHAN’ নীতি।‘SAMADHAN’ ত অন্তৰ্নিহিত হৈ আছে ৮ টা বিশেষ দিশ।
•    Smart Leadership 
•    Aggressive Strategy 
•    Motivation and Training 
•    Actionable Intelligence 
•    Dashboard-based KPIs/KRAs
•    Harnessing Technology
•    Action Plan for Each Theatre
•    No Access to Financing for Insurgents

এই নীতিৰ জৰিয়তে নক্সালবাদীক দমন কৰি নিয়ন্ত্ৰণলৈ অনা হৈছে। তাৰোপৰি বিদ্ৰোহীসকলৰ বিত্তীয় উৎসবোৰো সংকুচিত কৰা হৈছে। যিসমূহ অঞ্চলক নক্সালবাদীসকলে নিজৰ শক্তিৰ ঘাটিত পৰিণত কৰিছিল সেই অঞ্চলসমূহক এতিয়া উন্নয়নৰ জৰিয়তে নক্সালবাদীৰ পৰা মুক্ত কৰা হৈছে। 

হাজাৰ হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে। নতুন মোবাইল টাৱাৰ, বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ, বেংক, আৰু স্কিল ডেভেলপমেন্ট চেন্টাৰ খুলা হৈছে।

এসময়ত  যেতিয়া ২০০-ৰো অধিক জিলাত নক্সালবাদীৰ আধিপত্য আছিল। এতিয়া এই সংখ্যা হ্ৰাস পাই মাথোঁ ৬ জিলাতে সীমাবদ্ধ হৈছে। এই ছখন জিলাও অচিৰেই নক্সালমুক্ত হ’ব বুলি অনুমান কৰা হৈছে।

মাওবাদী ছত্তীশগড়