গুজৰাটত মোডীক ফুলেৰে আদৰিলে কৰ্ণেল ছফিয়া কুৰেশ্বিৰ মাতৃ, ভাতৃ, ভগ্নীয়ে...

দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সোমবাৰে গুজৰাটত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীক অতি উষ্ম আদৰণি জনোৱা হয়।

author-image
Tushar Pratim
New Update
গুজৰাটত মোডীক ফুলেৰে আদৰিলে কৰ্ণেল ছফিয়া কুৰেশ্বিৰ মাতৃ, ভাতৃ, ভগ্নীয়ে...

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সোমবাৰে গুজৰাটত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীক অতি উষ্ম আদৰণি জনোৱা হয়। বডোদৰাত তেওঁ অংশগ্ৰহণ কৰা এক ৰোড শ্ব’ৰ সময়ত ৰাজপথৰ দুয়োকাষে অগণন লোকে শাৰীপাতি তেওঁলৈ পুষ্প বৃষ্টি কৰি আদৰণি জনায়। 

Advertisment

এই লোকসকলৰ ভিতৰত আছিল বহু চৰ্চিত সামৰিক বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বিৰ মাতৃ, ভগ্নীও। উল্লেখ্য যে, অপাৰেচন সিন্দূৰৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম গুজৰাট ভ্ৰমণ। 

মোডীৰ এই ভ্ৰমণৰ সময়ত তেওঁক ফুল চতিয়াই আদৰণি জনোৱা কৰ্ণেল ছফিয়া কুৰেশ্বিৰ আত্মীয়ই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগতো মুখ খুলিছে। কৰ্ণেল ছফিয়া কুৰেশ্বিৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, আমি প্ৰধানমন্ত্ৰীক ফুলেৰে আদৰণি জনাইছো। সকলোৱে একেলগে তেওঁক আদৰণি জনোৱাটো অতি ভাল কথা। তেওং আমাৰ দেশৰ প্ৰধানমন্ত্ৰী। 

তেওঁ আৰু কয়, ছফিয়া কেৱল আমাৰ কন্যা নহয়, বৰঞ্চ তেওঁ এই দেশৰ কন্যা। ছফিয়া কুৰেশ্বিৰ মাতৃ হালিমা কুৰেশ্বিৰ মাতৃৰ উপৰিও সেই সময়ত উপস্থিত আছিল তেওঁৰ ভাতৃও। ছফিয়াৰ ভাতৃ সঞ্জয় কুৰেশ্বিয়ে কয়, “প্ৰধানমন্ত্ৰী মোডী ইয়ালৈ অহাৰ সময়খিনি আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁক ব্যক্তিগতভাৱে কাষৰ পৰা দেখা পাইছিলো। অপাৰেচন সিন্দূৰৰ সফলতা উদযাপনৰ বাবে যি ধৰণৰ সমাৱেশ হৈছে সেই বিষয়ে বৰ্ণনা কৰিবলৈ মোৰ কোনো শব্দ নাই। ইয়ালৈ হাজাৰ হাজাৰ লোক আহিছে।

সঞ্জয় কুৰেশ্বিয়ে আৰু কয়, প্ৰধানমন্ত্ৰীগৰাকীয়ে কিবা এটা কথা কৈছিল যদিও শুনি নাপালো।আমি অনুভৱ কৰিছিলো যে তেওঁ একো নক’লেও বহু কথাই কৈছিল।মই অতিশয় উৎসাহিত হৈছো।

সন্ত্ৰাসবাদী আৰু ইংৰাজৰ কামেই দেশক বিভাজন কৰা। কিন্তু ভাৰতৰ বিশেষত্ব হ’ল এই গংগা যমুনা সংস্কৃতি ক’লৈকো আঁতৰি নাযায়। এই সংস্কৃতি আমাৰ তেজত আছে। আমাৰ সেনাই যি জাতীয় ঐক্যৰ বাৰ্তা দিছে, আমি ইয়াক আগুৱাই নিব লাগিব আৰু সকলো মানুহে একেলগে জীয়াই থাকিব লাগিব। মোৰ এতিয়া বুকু ফুলি ৫৬ ইঞ্চি হৈছে। 

 

অপাৰেচন সিন্দুৰ নৰেন্দ্ৰ মোডী গুজৰাট