বনবিভাগৰ নিষ্ক্ৰিয়তাত আই নৈৰ বুকুত শিল-বালিৰ অবৈধ খনন...

বনবিভাগৰ নিষ্ক্ৰিয়তাত আই নৈৰ বুকুত শিল-বালিৰ অবৈধ খনন...
বনবিভাগৰ নিষ্ক্ৰিয়তাত আই নৈৰ বুকুত শিল-বালিৰ অবৈধ খনন...

ডিজিটেল সংবাদ চিৰাং: যোৱা কিছুদিন ধৰি চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত ডাঙাইগাঁৱত ৰাইজৰ প্ৰৱল আপত্তি থকা স্বত্বেও এটা চক্ৰই আই নৈৰ বুকুত অত্যাধুনিক এস্কেভেটৰ ব্যৱহাৰ কৰি শিল-বালিৰ অবৈধ খনন কাৰ্য চলাই আছিল । স্থানীয় লোকৰ অভিযোগ আই নৈৰ বুকুত চলিথকা এই অবৈধ খনন কাৰ্য্যৰ বাবেই সম্প্ৰতি আই নৈৰ গৰাখহনীয়াৰ স্তৰ বৃদ্ধি পাইছে ।

এই সংক্ৰান্তত বনবিভাগক অভিযোগ জনোৱা হৈছিল কিন্তু বনবিভাগৰ লোকে এইক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত মঙ্গলবাৰে নৈপৰীয়া ৰাইজ মাৰবান্ধি ওলাই আহি অবৈধ খনন কাৰ্যত ব্যৱহৃত এস্কেভেটৰ, ট্ৰেক্টৰ আদি আবদ্ধ কৰি নৈৰ বুকুত খননকাৰ্য বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে । ৰাইজৰ হেঁচাত একপ্ৰকাৰ বাধ্য হৈ চক্ৰটোৱে নৈৰ বুকুৰ খননকাৰ্য বন্ধ কৰি এস্কেভেটৰ, ট্ৰেক্টৰ লৈ আতঁৰি যাবলৈ বাধ্য হয়।

জানিব পৰা মতে বনবিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত ডাঙাইগাঁৱৰ আই নৈৰ বুকুত এটা দুষ্ট চক্ৰই অবৈধ শিল বালি খনন চলাই আছিল। অবৈধ খনন কাৰ্যৰ বিষয়টো লৈ আই নৈৰ উত্তৰ দিশৰ নেপালপাৰা গাঁৱৰ ৰাইজে আৰম্ভণিৰে পৰা আপত্তি দৰ্শাই আছিলে।

নেপালপাৰাৰ নৈপৰীয়া ৰাইজৰ অভিযোগ যে আই নৈৰ দক্ষিণ পাৰৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত ডাঙাইগাঁৱত এলেকাত যিদৰে অত্যাধুনিক গধুৰ এস্কেভেটৰ ব্যৱহাৰ কৰি শিল বালিৰ অবৈধ খনন চলাই আছে আৰু এই খনন কাৰ্য যদি অব্যাহত থাকে তেনেহলে আগন্তুক বাৰিষাৰ বতৰত আই নৈৰ উত্তৰ দিশৰ বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত নেপালপাৰা গাঁৱত তীব্ৰ গৰাখহনীয়া আৰম্ভ হোৱাৰ আশংকা ব্যক্ত কৰে।

কাৰণ শিল-বালিৰ এই খনন কাৰ্য যদি অব্যাহত থাকে তেনেহলে আগন্তুক বাৰিষাৰ বতৰত আই নৈৰ এই গৰাখহনীয়াত সম্পূৰ্ণ ৰূপে জাহ যাব নেপালপাৰাসহ অন্যান্য নৈপৰীয়া গাঁও । এই আশংকা ব্যক্ত কৰি স্থানীয় লোকে বনবিভাগৰ লোকক অভিযোগ কৰিছিল কিন্তু এইক্ষেত্ৰত বনবিভাগৰ লোকে প্ৰয়োজনীয় কোনো পদক্ষেপ গ্ৰহণ নকৰাত মঙ্গলবাৰ দিনা নেপালপাৰা গাঁৱৰ ৰাইজ মাৰ মান্ধি ওলাই আহি আই নৈৰ বুকুত চলিথকা এই অবৈধ শিল-বালিৰ খননৰ তীব্ৰ বিৰোধিতা কৰে।

বনবিভাগৰ নিষ্ক্ৰিয়তাত আই নৈৰ বুকুত শিল-বালিৰ অবৈধ খনন...
আৰক্ষীৰ সন্মুখতেই জ্বলাই দিলে থানাঃ বিচাৰি বিচাৰি আৰক্ষীক কৰিলে প্ৰহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in