/asomiyapratidin/media/media_files/2025/05/27/HIgxI0O5XQ1QjwI57jdJ.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিবৰ বাবে পাকিস্তানৰ পুনৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীয়ে পোহৰলৈ আনিছে এই তথ্য। অপাৰেশ্যন সিন্দূৰৰ সময়ত যিসকল সন্ত্ৰাসবাদীয়ে ভাৰত-পাকিস্তানৰ সীমান্ত ত্যাগ কৰিছিল, এতিয়া পুনৰ সেই ঠাইত সন্ত্ৰাসবাদী সংগঠনে থিতাপি লোৱাৰ চেষ্টা চলাইছে। কেৱল থিতাপি লোৱাই নহয়, উক্ত স্থানৰ পৰা ভাৰতত প্ৰৱেশ কৰি কূটাঘাতমূলক কাম-কাজ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে পাক সন্ত্ৰাসবাদী সংগঠনে।
সীমান্ত সুৰক্ষা বাহিনীয়ে শেহতীয়াকৈ চোৰাংচোৱাৰ পৰা এই তথ্য লাভ কৰাৰ পাছতে অধিক সষ্টম হৈছে। ভাৰতীয় সেনাইও সকলো সেনাকে অধিক সষ্টম হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৩মেত ভাৰত-পাক সীমান্ত লস্কৰ ই তৈবাৰ এটা সন্ত্ৰাসবাদী নিহত হৈছিল ভাৰতীয় সেনাৰ গুলীত।