/asomiyapratidin/media/media_files/2025/05/27/I4mITRTfAjazB4H0WEXr.jpg)
ডিজিটেল সংবাদ, হোজাইঃ হোজাইৰ বিশিষ্ট শিক্ষাবিদ ও সমাজসেৱক আতাউৰ ৰহমান তালুকদাৰে যোৱা ১০ মে তাৰিখে মৃত্যক আঁকোৱালী লয়৷ তেখেতৰ মৃত্যুক আজিও সহজভাবে লব পৰা নাই হোজাইবাসীয়ে৷ মৃত্যুৰ পূৰ্বলৈকে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল আতাউৰ ৰহমান তালুকদাৰ৷
আতাউৰ ৰহমান তালুকদাৰে বহুকেইখন চৰকাৰী বিদ্যালয়ত চাকৰি কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে৷ অৱসৰ গ্ৰহণ কৰিয়েই পুনৰ সক্ৰিয়ভাৱে জড়িত হৈ পৰে সামাজিক কাম-কাজত৷ যমুনামুখৰ দলং স্থাপন কৰিবলৈ আতাউৰ ৰহমানে অহোপুৰুষাৰ্থ চেষ্ঠা কৰি অৱশেষত সফল হৈছিল৷ যমুনামুখৰ দলং স্থাপনত তেখেতৰ বিশেষ অৰিহনা আছে৷
যমুনামুখ কলেজৰ প্ৰতিষ্ঠাপক আতাউৰ ৰহমান তালুকদাৰে ১৯৮০ চনতে নিজে প্ৰায় আঢ়ৈ বিঘা মাটি দান কৰি এ. আৰ. তালুকদাৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল৷ হোজাইৰ শলমাৰীত এই বিদ্যালয়খন বৰ্তমান চৰকাৰীকৰণ হৈছে৷ হোজাই জিলাৰ হায়ং পঞ্চায়তৰ শলমাৰী গাঁওত জন্মগ্ৰহণ কৰা আতাউৰ ৰহমান তালুকদাৰ মছজিদ-মন্দিৰ আদিৰ লগতো জড়িত হৈ সামাজিক কৰ্ম সম্পাদন কৰি সকলোৰে জনপ্ৰিয় হৈ পৰিছিল৷
প্ৰায় ১৫/২০ বছৰ যমুনামুখ আঞ্চলিক জমিয়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে হোজাই জিলা জমিয়তৰো সক্ৰিয় সদস্য আছিল আতাউৰ ৰহমান৷ তেখেতৰ মৃত্যুত আজি হোজাই জিলাৰ বিভিন্ন প্ৰান্তত শোকসভা অনুষ্ঠিত কৰি তেখেতৰ বিদেহী আত্মাৰ মাগফিৰাতৰ বাবে দোৱা প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়৷ শোকসভাত আতাউৰ ৰহমান তালুকদাৰৰ বিয়োগ হোজাই জিলাৰ বৃহৎ ক্ষতি বুলি অনুভৱ ব্যক্ত কৰে সকলোৱে৷