ED ক বিজেপিৰ পুলিং এজেণ্ট কৰিবলৈহে বাকী- সঞ্জয় ৰাউত...

ED ক বিজেপিৰ পুলিং এজেণ্ট কৰিবলৈহে বাকী- সঞ্জয় ৰাউত...

author-image
Asomiya Pratidin
New Update
ED ক বিজেপিৰ পুলিং এজেণ্ট কৰিবলৈহে বাকী- সঞ্জয় ৰাউত...

ED ক বিজেপিৰ পুলিং এজেণ্ট কৰিবলৈহে বাকী- সঞ্জয় ৰাউত...

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ বিভিন্ন ৰাজ্যত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিৰ অভিযান অব্যাহত আছে। মহাৰাষ্ট্ৰ, ৰাজস্থান, পশ্চিমবংগ আদি ৰাজ্যত ইডিয়ে বিভিন্ন ৰাজনৈতিক নেতাৰ ঘৰত অভিযান চলোৱাৰ সমান্তৰালকৈ গ্ৰেপ্তাৰ পৰ্যন্ত কৰিছে।

Advertisment

ইডিৰ এনে অভিযানক বিৰোধী ৰাজনৈতিক দলবোৰে সমালোচনাৰ লক্ষ্য কৰি লৈছে। শিৱসেনা (উদ্ধৱ থাকৰে)ৰ সাংসদ সঞ্জয় ৰাউতে ৰাজস্থানৰ কংগ্ৰেছ নেতাৰ ঘৰত ইডিৰ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমালোচনা কৰিছে। তেওঁ শুকুৰবাৰে প্ৰশ্ন কৰি কয়, তেওঁলোকৰ অভিযোগৰ পাছতো বিজেপি নেতাক কিয় ইডিয়ে এৰি দিছে?

তেওঁ কয়, আমি ১০ জন লোকৰ এক তালিকা দিছিলো। ৰাহুল কুল, দাদা ভুছে, ভি কে পাটিল, অজিত পাৱাৰ আদিৰ ওপৰত কিয় এতিয়ালৈকে অভিযান চলোৱা নাই? যিবোৰ ঠাইত নিৰ্বাচন চলি আছে, যিসকলে বিজেপিক পৰাস্ত কৰিবলৈ চেষ্টা চলাই আছে তেওঁলোকৰ ওপৰত অভিযান চলোৱা হৈছে। কেন্দ্ৰীয় সংস্থাসমূহক এতিয়া কেৱল বিজেপিৰ পুলিং এজেণ্ট কৰিবলৈ হে বাকী আছেগৈ। বাকী সকলো কৰিলে।  

উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে জয়পুৰ আৰু চিকাৰত ৰাজস্থানৰ কংগ্ৰেছ সভাপতি গোবিন্দ সিং দোতাচৰাৰ চৌহদত অভিযান চলোৱাৰ উপৰি মুখ্যমন্ত্ৰী অশোক গেহলটেৰ পুত্ৰক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু ধনৰ লেনদেনৰ এক গোচৰত সোধাপোছা কৰিবলৈ মাতি পঠিয়াইছিল। ২৫ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ইডিয়ে এনে অভিযান চলোৱাক লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছে।

ইফালে পশ্চিমবংগতো এগৰাকী মন্ত্ৰীক খাদ্য, সামগ্ৰী কেলেংকাৰী গোচৰত ই ডিয়ে নিশা গ্ৰেপ্তাৰ কৰিছে। এনে প্ৰেক্ষাপটত বিৰোধী ৰাজনৈতিক দলসমূহে কেন্দ্ৰীয় চৰকাৰে ইডিক তেওঁলোকৰ ইচ্ছানুসৰি ব্যৱহাৰ কৰি অহাৰ অভিযোগ পুনৰ তীব্ৰতৰ কৰি তুলিছে।

Also Read: ইডিয়ে গ্ৰেপ্তাৰ কৰিলে বংগৰ বনমন্ত্ৰীক...

কংগ্ৰেছ শিৱসেনা