সমাজ কৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহী বৰাৰ বিয়োগত শোক...

বটদ্ৰৱাৰ সমীপবৰ্তী কৰচোং সত্ৰ নিৱাসী তথা ৰাইডঙীয়া শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহী বৰাৰ আজি নিজ বাসগৃহত বিয়োগ ঘটে।

author-image
Asomiya Pratidin
New Update
সমাজ কৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহী বৰাৰ বিয়োগত শোক...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপবৰ্তী কৰচোং সত্ৰ নিৱাসী তথা ৰাইডঙীয়া শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহী বৰাৰ আজি নিজ বাসগৃহত বিয়োগ ঘটে। ৮৫ বছৰ বয়সীয়া মহী বৰা বিগত কিছুদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল। 

Advertisment

আজি পুৱা হঠাৎ শ্বাস প্ৰশ্বাস লোৱাতো অসুবিধা অনুভৱ কৰাৰ কিছু সময়ৰে পিছতে তেওঁৰ মৃত্যু হয়। ২০০১ চনত শিক্ষকতাৰ পৰা অৱসৰ লোৱাৰ পিছত সোনাই নৈ উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি, ৰাইডঙীয়া শংকৰদেৱ শিশু নিকেতনৰ উপাধ্যক্ষ, জাগৰণ সাংস্কৃতিক গোষ্ঠী, ৰাইডঙীয়া ছহিদ স্মৃতি খেলপথাৰ, কৰচোং সত্ৰ কলীয়া গোসাঁই থান, কৰচোং ৰাস উৎসৱ উদযাপন সমিতিকে আদি কৰি অঞ্চলৰ বিভিন্ন সামাজিক, ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াইছিল।

তেখেতৰ বিয়োগত বিধায়ক ৰূপক শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুধেন চন্দ্ৰ বৰা, বিকাশৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈ, প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মাকে আদি কৰি বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, বোৱাৰী, দুগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা