/asomiyapratidin/media/media_files/2025/05/20/NWcm9ktHlFcHbDlnS5M9.jpg)
ডিজিটেল ডেস্কঃ ৰূপ সলনি কৰি পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কোভিড ভাইৰাছে। ছিংগাপুৰ আৰু হংকঙত কোভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ক্ৰমাত বৃদ্ধি পোৱা বাবে ভাৰতৰ লোকসকল আতংকিত হৈ পৰিছে। কৰুণা জে এন 1 ভেৰিয়েন্ট নাম শুনিলেই সকলোৰে মনত ২০২০-২১ বৰ্ষৰ ভয়াবহ স্মৃতিবোৰ সজীৱ হৈ উঠে।
পুনৰ কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰত দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰুণা ৰোগী। মুম্বাইৰ কে ই এম হাস্পতালত দুজন কোভিড পজিটিভ ৰোগীৰ মৃত্যুৰ পিছত মহানগৰীত সতৰ্কতা বৃদ্ধি কৰা হৈছে। স্বাস্থ্য বিভাগ সতৰ্ক অৱস্থাত আছে।
চীন, ছিংগাপুৰ আৰু থাইলেণ্ডত বিয়পি পৰা কোভিডৰ ভাইৰাছৰ নতুন ভেৰিয়েন্ট হৈছে জে এন 1 । এই দেশসমূহত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা। এইবাৰ ভাইৰাছৰ সংক্ৰমণৰ বাবে ওম্ৰিক্ৰনৰ নতুন ভেৰিয়েন্ট জে এন 1 আৰু ইয়াৰ উপ-ভেৰিয়েন্ট LF7 আৰু NB1.8 দায়ী বুলি বিবেচিত হৈছে।
নতুন জে এন 1 ভেৰিয়েন্ট কিমান বিপজ্জনক সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিষয়াসকলৰ মতে, এই পৰ্যন্ত জে এন 1 ভেৰিয়েন্টটো কিমান বিপদজনক সেই সম্বন্ধে তেওঁলোকে কোনো তথ্য পোৱা নাই। ই অধিক দ্ৰুতগতিত বিয়পি পৰিছে। বিষয়াসকলে কয় যে, এই ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকসকলে অলপ সাৱধান হোৱাটো প্ৰয়োজন। এনে লোকক ই সহজেই টাৰ্গেট কৰিব পাৰে।
জে এন 1 ভেৰিয়েন্টক লৈ সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে কৰুণা ভাইৰাছ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক আহ্বান কৰিছিল। বৈঠকত দেশৰ সাম্প্ৰতিক কোভিড ১৯ ৰ পৰিস্থিতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰা হয়। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে।
১৯ মে’ পৰ্যন্ত ভাৰতত ২৫৭ জন সক্ৰিয় কোভিড ৰোগী ধৰা পৰিছিল। দেশৰ বৃহৎ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সংখ্যা অতি কম। মুম্বাইতো সংক্ৰমণৰ বাবে দুজন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। ভাৰতত কৰুণা আক্ৰান্তৰ অধিকাংশই কেৰালা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত ধৰা পৰিছে।
অৱশ্যে জে এন 1 ভেৰিয়েন্টৰ বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ পোৱা নাই। এটা চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পিটিআইয়ে কয় যে, "দেশত আক্ৰান্ত হোৱা প্ৰায় সকলো কৰুণা আক্ৰান্ত ৰোগী বৰ্তমান সুস্থ, তেওঁলোকক চিকিৎসালয়ত ভৰ্তিৰ প্ৰয়োজন নাই।"