/asomiyapratidin/media/media_files/2025/05/20/s68RnOtyPxRdSsBLF8bj.jpg)
ডিজিটেল ডেস্কঃ আই বিৰ মুৰব্বী হিচাপে দায়িত্বত থকা অসম সন্তান তপন কুমাৰ ডেকাৰ কাৰ্যকাল পুনৰ এটা বছৰ বৃদ্ধি কৰিলে কেবিনেটৰ নিযুক্তি সমিতিয়ে। উল্লেখ্য যে, ২০২২ চনৰ জুন মাহত ইণ্টেলিজেন্স ব্যুৰোৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল তপন কুমাৰ ডেকাই। তাৰ পিছত ২০২৪ ৰ জুন মাহত তেওঁৰ কাৰ্যকাল অন্ত পৰিছিল যদিও এটা বছৰৰ বাবে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰি হৈছিল।
সেই অনুসৰি তেওঁৰ কাৰ্যকাল পুনৰ অন্ত পৰাৰ দিশে আগবাঢ়িছিল যদিও পুনৰ তেওঁৰ কাৰ্যকাল ২০২৬ ৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে। সন্ত্ৰাসবাদ বিৰোধী বিশেষজ্ঞ তপন কুমাৰ ডেকা হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বেটচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।
পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে আৰম্ভ কৰা অপাৰেচন সিন্দূৰৰ ক্ষেত্ৰতো আই বিৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত বিশেষজ্ঞৰ ভূমিকা পালন কৰিছিল ডেকাই।
মঙলবাৰে ডেকাৰ কাৰ্যকাল পুনৰ এটা বছৰলৈ বৃদ্ধি সম্পৰ্কীয় এক নিৰ্দেশনাত কোৱা হৈছে যে, তেওঁৰ কাৰ্যকাল বৃদ্ধিৰ এই সময়সীমা অল ইণ্ডিয়া চাৰ্ভিচেছ (ডেথ কাম ৰিটায়াৰমেণ্ট বেনিফিট) ৰুলছ, ১৯৫৮ ৰ এফ আৰ ৫৬ (ঘ) আৰু নিয়ম ১৬ (১এ) ৰ বিধানৰ অধীনত বৃদ্ধি কৰা হৈছে।
স্মৰ্তব্য চোৰাংচোৱা সংস্থাটোৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তপন কুমাৰ ডেকা দুটা দশকৰো অধিক সময় আই বিৰ অপাৰেচন উইংৰ মুৰব্বী আছিল। ২০০৮ চনত মুম্বাইত সংঘটিত হোৱা ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তেওঁ প্ৰতিহত অভিযানৰ দায়িত্বত আছিল।
২০০০ চনত দেশত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা ভাৰতীয় মুজাহিদীনৰ বিৰুদ্ধেও অভিযানৰ নেতৃত্ব দিছিল। তেওঁ উত্তৰ-পূব আৰু গৃহ ৰাজ্য অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ উপৰিও জম্মু-কাশ্মীৰৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছিল।