/asomiyapratidin/media/media_files/2025/05/20/ZCjupHXe2i6ZJ1AkcTQi.jpg)
ডিজিটেল ডেস্কঃ ৭ মে’ৰ পৰা ভাৰতে আৰম্ভ কৰা অপাৰেচন সিন্দূৰৰ সময়ছোৱাত পাকিস্তানৰ প্ৰৰোচনামূলক আক্ৰমণক ধাৰাবাহিকভাৱে জম্মু কাশ্মীৰৰ পুঞ্চ অঞ্চলত নিয়োজিত হৈ থকা পুঞ্চ ব্ৰিগেডে শক্তিশালীভাৱে প্ৰতিৰোধ গঢ়ি তুলিলে। পুঞ্চ ব্ৰিগেডে এই অভিযানৰ সময়ত কেৱল অংশগ্ৰহণ কৰাই নহয়, ভাৰতীয় সেনাৰ এই অপাৰেচনৰ অন্যতম মূল শক্তি আছিল পুঞ্চ ব্ৰিগেড। ভাৰতীয় সেনাৰ ফালৰ পৰাও এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছত ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ হিচাপে সুপৰিকল্পিত আঁচনিৰে কাৰ্যকৰী কৰিছিল অপাৰেচন সিন্দূৰ। এই অভিযানৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানত থকা কেৱল সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি লৈ আক্ৰমণ কৰে আৰু সেই ঘাটিসমূহ ধ্বংস কৰে।
পুঞ্চ, ৰাজৌৰি আৰু আখনুৰৰ সন্মুখত থকা থকা ন’টা গুৰুত্বপূর্ণ সন্ত্ৰাসবাদী কেন্দ্ৰৰ লক্ষ্যৰ ভিতৰত ছয়টা সম্পূৰ্ণৰূপে ধ্বংস কৰে। ইয়াৰ পিছতে পাকিস্তানী সেনাই ভাৰতৰ অসামৰিক অঞ্চলসমূহত অবাধ গুলীচালনা আৰম্ভ কৰে।
তাৰ পিছতেই ভাৰতীয় সেনাই পাকিস্তানৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈ প্ৰত্যাক্ৰমণ কৰে বুলি পুঞ্চ ব্ৰিগেডৰ ফালৰ পৰা উল্লেখ কৰিছে। এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে পাকিস্তানে যেতিয়াই ড্ৰোন আক্ৰমণ বৃদ্ধি কৰে তেতিয়াই ভাৰতীয় সেনায়ো নিজপ শক্তি প্ৰদৰ্শন কৰে। ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে নিখুঁত কৌশল, সহনশীলতা আৰু দক্ষতাৰে আকাশী আক্ৰমণক প্ৰতিহত কৰাৰ লগতে সীমান্ত সুৰক্ষিত কৰিলে।
ভাৰতীয় সেনাই জানিবলৈ দিয়ে যে, এই সময়ছোৱাত পাকিস্তানৰ ক্ষতি কেৱল সংখ্যাতেই সীমাবদ্ধ হৈ থকা নাই। তেওঁলোকৰ মনোবল আৰু আগ্ৰাসী নীতিৰো ক্ষতি সাধন হৈছে।
এতিয়াও পাকিস্তানৰ পৰা অধিক সংখ্যক নিহত আৰু আহত হোৱাৰ খবৰ আহি আছে। এই অভিযান বৰ্তমানে স্থগিত থাকিলেও শেষ হোৱা নাই বুলি উল্লেখ কৰি সেনাৰ ফালৰ পৰা আৰু কোৱা হৈছে যে, যদি আকৌ পাকিস্তানী সেনাই আক্ৰমণ কৰে তেন্তে ভাৰতীয় সেনাই পুনৰ দৃঢ়তাৰে প্ৰত্যুত্তৰ দিব। সেই প্ৰত্যুত্তৰ শব্দৰ পৰিবৰ্তে হ’ব জুই আৰু ৰাষ্ট্ৰ সংকল্পৰে।