/asomiyapratidin/media/media_files/2025/05/20/vHOHv9mSlm3mJNqIDgV5.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ভাৰতৰ কেবাজনকো আটক কৰিছে। ভাৰতত আত্মগোপন কৰি থকা দেশদ্ৰোহীৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ নিৰাপত্তা সংস্থাই ব্যৱস্থা গ্ৰহণ কৰিছে।
বিগত কিছুদিনত ১১জন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতত থাকি পাকিস্তানী চোৰাংচোৱা সংস্থাত কাম কৰিছিল আটকাধীন কেইজনে। গ্ৰেপ্তাৰ হোৱা লোকৰ তালিকাত আছে ইউটিউবাৰ, ছাত্ৰ, ব্যৱসায়ী। আটকাধীন কেইজন ক্ৰমে-
- জ্যোতি মালহোত্ৰাঃ হাৰিয়ানাৰ বাসিন্দা জ্যোতিৰ বিৰুদ্ধে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ তদন্ত অনুসৰি জানুৱাৰী মাহত পেহেলগামলৈ গৈছিল আৰু তাৰ পৰাই গোপন পথেৰে পাকিস্তান পাইছিল। অৱশ্যে পেহেলগাম আক্ৰমণৰ লগত তেওঁৰ কোনো সম্পৰ্ক আছে নে নাই সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
- দেৱেন্দ্ৰ সিংঃ কৈঠাল জিলাৰ মস্তগড় গাঁৱৰ পৰা গ্ৰেপ্তাৰ হোৱা দেৱেন্দ্ৰ এজন প্ৰাক্তন সেনা জোৱানৰ পুত্ৰ। ফেচবুকৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰৰ সংস্পৰ্শলৈ আহি তেওঁ ৫ৰ পৰা ১০ হাজাৰ টকাৰ বিনিময়ত সামৰিক গোপনীয় তথ্য প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে স্পৰ্শকাতৰ মানচিত্ৰ আৰু নথি-পত্ৰ।
- শ্বাহজাদঃ উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বাসিন্দা শ্বাহজাদ এজন ব্যৱসায়ী আছিল যিয়ে ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰসাধন সামগ্ৰী আৰু মছলাৰ ব্যৱসায় কৰিছিল। কিন্তু ইয়াৰ লগে লগে তেওঁ আই এছ আইৰ বাবেও কাম কৰি আছিল। মৰাদাবাদৰ পৰা ইউ পি এ টি এছে গ্ৰেপ্তাৰ কৰে তেওঁক।
- নোমান ইলাহিঃ পানীপাটৰ পৰা গ্ৰেপ্তাৰ হোৱা নোমান আচলতে আছিল ‘ডাৰ্ক ৱেব’ চোৰাংচোৱা। পেছাত কম্পিউটাৰ অপাৰেটৰ, কিন্তু তেওঁৰ কাম হ’ল ভাৰতীয় সেনাৰ কাৰ্যকলাপৰ তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰা। তেওঁ স্বীকাৰ কৰে যে তেওঁ ইউএছবি ড্ৰাইভ আৰু নগদ ধনৰ বিনিময়ত ডাৰ্কনেটত স্পৰ্শকাতৰ তথ্য আপলোড কৰিছিল।
- গাজালাঃ পঞ্জাৱৰ মালেৰকোটলাৰ পৰা ধৰা পৰা গাজালা প্ৰায়ে পাকিস্তানৰ ভিছা ল’বলৈ উচ্চায়ুক্তলৈ গৈছিল। এই কাৰ্যকলাপৰ সন্দেহৰ আওতালৈ আহি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
- ইয়ামিন মহম্মদঃ গাজালাৰ সৈতে ধৰা পৰা য়ামিনৰ সংস্পৰ্শত আছিল পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত ডেনিছ নামৰ এজন ব্যক্তিৰ। সন্দেহজনক কামত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
- আৰমানঃ হাৰিয়ানাৰ নুহ জিলাৰ পৰা গ্ৰেপ্তাৰ হোৱা আৰমানে হোৱাটছএপৰ জৰিয়তে পাকিস্তানলৈ ভাৰতৰ সামৰিক কাৰ্যকলাপৰ তথ্য প্ৰেৰণ কৰি আছিল। তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।
- মুৰ্তাজা আলীঃ জলন্ধৰত গুজৰাট আৰক্ষীৰ অভিযানত ধৰা পৰা মুৰ্তাজাই নিজে সৃষ্টি কৰা মোবাইল এপৰ জৰিয়তে আই এছ আইলৈ তথ্য প্ৰেৰণ কৰিছিল। তেওঁৰ পৰা চাৰিটা মোবাইল ফোন আৰু তিনিখন চিম কাৰ্ড উদ্ধাৰ কৰে।
- তাৰিফঃ নুহৰ পৰা গ্ৰেপ্তাৰ হোৱা দ্বিতীয়জন ব্যক্তি তাৰিফে জেৰাৰ সময়ত কয় যে তেওঁ পাকিস্তান উচ্চায়ুক্তৰ দুজন বিষয়াৰ সংস্পৰ্শত আছিল। চিমকাৰ্ড এখন দি তেওঁক নিৰ্দেশ দিয়া হ’ল যে তেওঁ ছিৰছালৈ গৈ বিমানবন্দৰৰ ছবি পঠাব।
- নৌমান ইলাহী : যোৱা ১৫ মে’ত পানীপটত গ্ৰেপ্তাৰ হোৱা ২৪ বছৰীয়া নৌমান উত্তৰ প্ৰদেশৰ কৈৰানাৰ বাসিন্দা। তেওঁ এটা কাৰখানাৰ চকীদাৰ আছিল যদিও পাকিস্তানৰ সৈতে কেইবাবাৰো যোগাযোগ আছিল আৰু স্পৰ্শকাতৰ তথ্য প্ৰেৰণ কৰিছিল।
- কৰণবীৰ সিংঃ গুৰদাসপুৰত ধৰা পৰা কৰণবীৰ সিং আই এছ আইৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছিল আৰু বিগত কেইবাদিনো ভাৰতীয় সেনাবাহিনীৰ সৈতে জড়িত তথ্য প্ৰেৰণ কৰি আছিল। তেওঁৰ বিৰুদ্ধে চৰকাৰী গোপনীয়তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।