/asomiyapratidin/media/media_files/2025/05/20/FZhPuQCi1KKhzB1fufsm.jpg)
ডিজিটেল ডেস্কঃ ফলৰ ৰজা আমৰ সমগ্ৰ বিশ্বতে যথেষ্ট চাহিদা আছে। ভাৰতীয় আমৰ সৰ্বাধিক ক্ৰেতা আমেৰিকা, যদিও এইবাৰ বন্ধু দেশখনক বুঢ়া আঙুলি দেখুৱাই ভাৰতৰ ১৫ জাহাজ আম উভতাই লৈ যাবলৈ নিৰ্দেশ দিলে আমেৰিকাই।
ভাৰতৰ আটাইতকৈ সুস্বাদু তথা সৰ্বশ্ৰেষ্ঠ আম্ৰপালি আমাৰ ১৫ জাহাজ আমেৰিকাই এনেদৰে নষ্ট কৰাৰ নিৰ্দেশ দিয়া কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ ভাৰতৰ পৰা আমৰ ১৫ খন চালান আমেৰিকাই ঘূৰাই দিয়ে। আমেৰিকাৰ কৰ্তৃপক্ষই নথিপত্ৰ প্ৰক্ৰিয়াত হোৱা ভুলৰ কথা উল্লেখ কৰি আমৰ চালান খিনি নাকচ কৰে।
তেওঁলোকে ৰপ্তানিকাৰকসকলক নিৰ্দেশ দিছিল যে হয় চালানটো ভাৰতলৈ ঘূৰাই পঠিয়াব লাগে নহয় ধ্বংস কৰিব লাগে। যদিও মুম্বাইত আমেৰিকাৰ কৃষি বিভাগৰ এজন পৰিদৰ্শক এই পদ্ধতিৰ দায়িত্বত আছিল, তথাপিও বাধ্যতামূলক বিকিৰণৰ সৈতে জড়িত কাগজ-পত্ৰৰ সমস্যাৰ বাবে ভাৰতীয় আমৰ কমেও ১৫খন চালান নাকচ কৰা হৈছিল।
লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলাণ্টাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত এই ফল নাকচ কৰা হয়। আমেৰিকাৰ শুল্ক বিভাগৰ বিষয়াসকলে নথি-পত্ৰত থকা ভুলৰ কথা উল্লেখ কৰি এই চালানটো মানি লোৱা নাছিল। ৮ আৰু ৯ মে’ত মুম্বাইত এই চালানখনৰ বিকিৰণ কৰা হৈছিল।
এই আমবোৰৰ মুঠ ব্যয় আছিল ৪ কোটিতকৈও অধিক। এনে পৰিস্থিতিত নিজকে ভাৰতৰ বন্ধু বুলি কোৱা আমেৰিকাই ৪ কোটি টকাৰ ভাৰতীয় আমৰ চালান ধ্বংস কৰে। প্ৰভাৱিত ৰপ্তানিকাৰকসকলৰ এজনলৈ প্ৰেৰণ কৰা ইউএছডিএৰ অধিসূচনা অনুসৰি পিপিকিউ ২০৩ ভুলকৈ জাৰি কৰা বাবে আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাই চালানটোত অস্বীকাৰ কৰিছিল।