/asomiyapratidin/media/media_files/2025/05/20/z8fgH0MW6FcebK7JBYUf.png)
শেহতীয়াকৈ বতৰবিজ্ঞানৰ জগতত এক যুগান্তকাৰী সফলতা লাভ কৰিছে কেম্ব্রিজ বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনৰ এদল গৱেষকে বতৰবিজ্ঞানৰ পূৰ্বানুমানক লৈ চলাইছিল এক গৱেষণা। কৃত্ৰিম বুদ্ধিমত্তাৰ মাধ্যমেৰে বতৰৰ পূৰ্বানুমান কিদৰে জানিবপাৰি সেয়াই আছিল তেওঁলোকৰ উদ্দেশ্য। ভৱিষ্যতে 'আর্ডৱার্কে' কিদৰে প্ৰভাৱ পেলাব সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ‘মোৰ মত’ শিতানত এটি টোকা যুগুত কৰিছে বৰ্ণিল মেধিয়ে।
মে'ৰ পৰা লাহেকৈ জুনৰ দিশে গতি কৰিছোঁ আমি। স্বাভাৱিকতেই অস্বাভাৱিক গৰমেও আমাৰ চৌপাশে থিতাপি ল'বলৈ আৰম্ভ কৰিছে। হয়তো প্ৰায়েই আমি কৰো গুগলৰ মাধ্যমেৰে বতৰৰ পূর্বানুমান লোৱাৰ প্রয়াস, সেই অনুসাৰে আমাৰ বহুতেই নিৰ্ধাৰণ কৰো দিনটোৰ কৰ্মৰাজি। এনে সময়তেই বতৰবিজ্ঞানৰ জগতত এক যুগান্তকাৰী সফলতা লাভ কৰিছে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এক দলে। এলান ট্যুৰিং ইনষ্টিটিউট, মাইক্ৰচষ্ট ৰিচাৰ্থ আৰু মধ্যম পৰিসৰ বস্তুৰ পূৰ্বানুমানৰ ইউৰোপীয় কেন্দ্ৰৰ সহযোগত গৱেষকৰ দলটিয়ে তৈয়াৰ কৰিছে আর্ডৱার্ক এক সম্পূৰ্ণৰূপে AI-চালিত বতৰ পূর্বানুমান ব্যৱস্থা। এই মডেলটিয়ে বতৰা লৈ আহিছে বতৰ পূর্বানুমানক ত্বৰান্বিত কৰাৰ- অভাৱনীয় গতিত সঠিক পূর্বানুমানৰ লগতে যথেষ্ট পৰিমাণে শক্তি ৰাহিৰ মাধ্যমেৰে।
আর্ডৱার্কনো কি?
পৰস্পৰাগত বতৰ পূৰ্বানুমান ব্যৱস্থাসমূহ জটিল সাংখ্যিক বতৰ পূর্বানুমান মডেলৰ ওপৰত (Complex Numerical Weather Prediction NWP)। এই মডেলসমূহে বিশাল পৰিমাণৰ তথ্যৰ যোগেদি বতৰকেন্দ্রিক প্রক্রিয়াসমূহ অনুকৰণ কৰে যথেষ্ট শক্তিশালী ছুপাৰ কম্পিউটাৰৰ সহায়ত। এই ব্যৱস্থাসমূহত ব্যৱহাৰ হয় উচ্চমাত্ৰাৰ শক্তি। উন্নয়নশীল দেশসমূহত সেয়েহে এনে ব্যৱস্থাৰ সুলভ প্রযোগ প্রায় অসম্ভৱ।
ইয়াতেই আর্ডৱার্কে সলনি কৰিব বতৰ পূৰ্বানুমানৰ ভাষা। আর্ডৱার্কে এক নির্দিষ্ট "মেচিন লার্নিং" মডেলৰ মাজেৰে পর্যবেক্ষণমূলক তথ্য যেনে উপগ্ৰহৰ দ্বাৰা প্রযোজিত ছবি, বতৰ বিজ্ঞান কেন্দ্ৰৰ পাঠ আদিক ব্যৱহাৰ কৰি তৈয়াৰ কৰিব বিশ্বজনীন তথা স্থানীয় পূর্বানুমান। আশ্চর্যৰ কথাটি এয়াই যে এই সমগ্ৰ প্রক্রিয়াক আর্ডৱার্কে ব্যৱহাৰ কৰিব ইতিমধ্যে প্রচলিত প্ৰক্ৰিয়াৰ মাথোঁ ১০% শক্তি। ছুপাৰ কম্পিউটাৰৰ পৰিৱৰ্তে যিকোনো ঘৰুৱা কম্পিউটাৰতেই ব্যৱহাৰ কৰিব পৰা যাব আর্ডৱাক। ইতিমধ্যে সম্পাদন কৰা পৰীক্ষাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বতৰ পূর্বানুমান ব্যৱস্থাক কেইবাটাও ক্ষেত্ৰত চেৰ পেলাইছে আর্ডৱার্কে। প্রায় দহদিন পূর্বেই সঠিক পূর্বানুমান প্রদর্শন কৰিছে আৰ্ডৱার্কে।
বতৰবিজ্ঞানৰ গণতান্ত্রিকীকৰণ
আর্ডৱাৰ্কৰ এক অন্যতম অৱদান হ'ব জটিল বতৰবিজ্ঞানকেন্দ্রিক পূর্বানুমানৰ গণতান্ত্রিকীকৰণ। বতৰ পূর্বানুমান প্ৰক্ৰিয়াৰপৰা ছুপাৰ কম্পিউটাৰ আৰু জটিল আন্তঃগাথঁনিৰ প্ৰযোজন নির্মূলকৰণৰ যোগেৰে ই উন্নয়নশীল দেশসমূহক সঠিক বতৰ পূৰ্বানুমানৰ সুযোগ দিব, যাৰ বাবে পূৰ্বে হয়তো এই প্রক্রিয়া আছিল ব্যয়বহুল। এলান ট্যুৰিং ইনষ্টিটিউটৰ গাৱেষক ড° স্কট হষ্টিঙৰ ভাষ্য অনুসৰি তথ্য লুপ্ত তথা ছুপাৰ কম্পিউটাৰবিহীন দেশসমূহেও এতিয়া সঠিক বতৰ পূর্বানুমানৰ সুযোগ লাভ কৰাব; এই প্রযুক্তিবিদ্যা এতিয়া উপলব্ধ হ'ব সকলোৰে বাবে।
ভৱিষ্যৎ প্রত্যাহ্বানসমূহ
যদিও আর্ডৱার্কে এক নতুন ভৱিষ্যতৰ প্ৰতিশ্রুতি বহন কৰিছে, তথাপিও ইয়াৰ ভৱিষৎ প্রত্যাহ্বানবিহীন নহয়। চৰম বতৰকেন্দ্ৰিক পৰিঘটনা যেনে ডাৱৰ বিস্ফোৰণ বা চাইক্লোনৰ শুদ্ধ ভবিষ্যতবাণীৰ বাবে আর্ডৱার্কক প্রযোজন অধিক তথ্যৰ, যি বৰ্তমান পর্যান্ত পর্যাপ্ত পৰিমাণে উপলব্ধ নহয়। ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত স্থানীয় বতৰত যি সালসলনি আহিব, তাৰবাবেও নিৰন্তৰ তথ্য যোগানৰ প্ৰযোজন হ'ব আর্ডৱার্কক। সেয়েহে আর্ডৱার্ক সম্বন্ধীয় পৰৱৰ্তী পৰ্যায়ৰ গৱেষণাত ইয়াৰ পূৰ্বানুমান পৰিসৰৰ বৃদ্ধি তথা অন্যান্য বতৰবিজ্ঞানকেন্দ্রিক ব্যৱস্থাৰ সৈতে ইয়াৰ সংহতিকৰণত গুৰুত্ব প্রদান কৰা হ'ব।
আর্ডৱাক বতৰবিজ্ঞানৰ জগতত এক বিৰাট খোজ। পৰম্পৰাগত ব্যৱস্থাৰ তুলনাত বেগী, সুগম আৰু বহনক্ষম সমাধানেৰে আৰ্ডৱার্কে উত্তৰ বিচাৰিব ভালেমান সমস্যাৰ। ভাৰতৰ দৰে জটিল জলবায়ুসম্পন্ন দেশতো দুর্যোগ ব্যৱস্থাপনা, কৃষি পৰিকল্পনা, শক্তি সংৰক্ষণৰ দৰে ক্ষেত্ৰত অনাগত দিনত গুৰুত্বপূর্ণ ভূমিকা ল'ব পাৰে আৰ্ডৱাৰ্কৰ দৰে মডেলে। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল গতিশীলতাৰ লগে লগে এক বহনক্ষম তথা স্থাপক সমাজ গঠনত ভৱিষ্যতে অপৰিসীম অৱদান আগবঢ়াব আর্ডৱার্কে।