ইডিয়ে গ্ৰেপ্তাৰ কৰিলে বংগৰ বনমন্ত্ৰীক...

ইডিয়ে গ্ৰেপ্তাৰ কৰিলে বংগৰ বনমন্ত্ৰীক...

author-image
Asomiya Pratidin
New Update
ইডিয়ে গ্ৰেপ্তাৰ কৰিলে বংগৰ বনমন্ত্ৰীক...

ইডিয়ে গ্ৰেপ্তাৰ কৰিলে বংগৰ বনমন্ত্ৰীক...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিয়ে গ্ৰেপ্তাৰ কৰে পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক। কেইবা কোটি টকীয়া ৰেচন কেলেংকাৰীৰ এক গোচৰত ই ডিয়ে নিশা জ্যোতিপ্ৰিয় মল্লিকৰ ঘৰত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিছে।

Advertisment

ইয়াৰ পাছতে বিজেপি নেতা ৰাহুল সিনহাই মন্ত্ৰী জ্যোতিপ্ৰিয়ক চাউল চোৰ আখ্যা দি তেওঁ গ্ৰেপ্তাৰ হোৱাৰ কথা উল্লেখ কৰিছে।

কোভিডৰ সময়ৰে পৰা পশ্চিমবংগৰ ৰাইজে খাদ্য সামগ্ৰী চুৰি কৰা চোৰৰ তদন্তৰ দাবী কৰি আহিছিল আৰু মানুহে জ্যোতিপ্ৰয়িক চাউল চোৰৰ দৰে বিভিন্ন নামেৰে মাতি আহিছিল বুলিও কয় বিজেপি নেতাগৰাকীয়ে।  

তেওঁ লগতে কয়, তৃণমূল কংগ্ৰেছে কোভিডৰ সময়ত বাংলাদেশলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰি আহিছিল। উল্লেখ্য যে, ই ডিয়ে কলকাতাৰ চল্ট লেক অঞ্চলত ৰাজ্যখনৰ বনমন্ত্ৰী জ্যোতিপ্ৰয় মল্লিকৰ দুটা ঘৰত অভিযান চলাইছিল।

দলটোক সহযোগিতা চি আৰ পি এফৰ এটা দলে। ইয়াৰ ভিতৰত এটা হৈছ জ্যোতিপ্ৰিয়ৰ পৈতৃক গৃহ।  অৱশ্যে ইডিৰ এই অভিযানক বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বই  এয়া বিজেপিৰ লেতেৰা ৰাজনীতিৰ খেল বুলি অভিহিত কৰিছে।

Also Read: এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাৰ স্বৰ্ণ অৰ্জন...

পশ্চিমবংগ তৃণমূল কংগ্ৰেছ