/asomiyapratidin/media/media_files/2025/05/19/XYDWX63ox74y7jJ2fgOr.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তান যুদ্ধবিৰতিত আমেৰিকাৰ কোনো ভূমিকা নাছিল। দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত সংঘাত অব্যাহত আছে। কিন্তু সেই সংঘাত নিয়ন্ত্ৰিত হৈছিল। শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতিতো চুবুৰীয়া দেশখনৰ পৰা পাৰমাণৱিক আক্ৰমণৰ কোনো ইংগিত পোৱা নাছিল।
সোমবাৰে সংসদীয় কমিটীত এই স্পষ্টীকৰণ দিছে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। বৈদেশিক সচিবগৰাকীৰ এই মন্তব্যৰ পিছতে একপ্ৰকাৰে নৰেন্দ্ৰ মোডী চৰকাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত-পাকিস্তানৰ মাজত মধ্যস্থতা কৰাৰ দাবীক খাৰিজ কৰিলে।
পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই ৭ মে’ত পাকিস্তানত অপাৰেচন সিন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে। এই আক্ৰমণত ৯ টা স্থানৰ ১১ টাকৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ উপৰিও পাকিস্তানী সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পাকিস্তানত কঠোৰা আঘাত কৰে।
বিপৰীতে ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ ড্ৰ’ন, মিছাইল আক্ৰমণক প্ৰতিহত কৰে। তাৰ মাজতেই ১০ মে’ত পাকিস্তানৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই দুয়ো পক্ষৰ ডিজিএমঅ’ পৰ্যায়ৰ আলোচনাৰ মাজতে নতুন দিল্লীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত যুদ্ধবিৰতিত সন্মতি দিয়ে।
সেই দিনাই ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ঘোষণা কৰে যে, “আমেৰিকাৰ মধ্যস্থতাত হোৱা দীঘলীয়া আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। তাৰোপৰি তেওঁ দাবী কৰে আমেৰিকাই পাৰমাণৱিক অস্ত্ৰধাৰী দেশ দুখনক যুদ্ধবিৰতিৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।
ট্ৰাম্পে দাবী কৰি কয়, মই সকীয়াই দিলোঁ যে যুদ্ধ বন্ধ নহ’লে বাণিজ্যও নহ’ব। সেইটোৱেই কাম কৰিলে।' তাৰ পিছ ট্ৰাম্পে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি কৰিবলৈ সক্ষম হোৱা কাৰ্যক আমেৰিকাৰ বাবে ডাঙৰ জয় বুলি উল্লেখ কৰি পুনৰ দাবী কৰি কয়, আমাৰ চৰকাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি আনিছে। যি হৈছে তাক লৈ আমি অতি সুখী। ভাৰত আৰু পাকিস্তান চুবুৰীয়া দেশ। আমেৰিকাৰ বাবে এয়া এক ডাঙৰ জয়।"
আজি সংসদীয় সমিতিৰ সদস্যসকলে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰে। এই সন্দৰ্ভত বিদেশ মন্ত্ৰীক ট্ৰাম্পে মুঠ সাত বাৰ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি অনা বুলি দাবী কৰাৰ পিছতো কেন্দ্ৰ কিয় নিমাত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে। কিয় ভাৰতে ট্ৰাম্পক বাৰে বাৰে এনে দাবী উত্থাপন কৰাৰ সুযোগ দিছে? ট্ৰাম্পে কিয় কাশ্মীৰৰ বিষয় উত্থাপন কৰিছে? এই সমূহ প্ৰশ্নও কৰা হয়।
খবৰ অনুসৰি এনে প্ৰশ্নৰ উত্তৰত বিক্ৰম মিশ্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, "ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি কূটনৈতিক আলোচনাৰ মাজতে সংঘটিত হৈছিল। ইয়াত কোনো তৃতীয় পক্ষই হস্তক্ষেপ কৰা নাই। আমেৰিকাৰো যুদ্ধবিৰতিত কোনো ধৰণৰ ভূমিকা নাছিল।"
উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্পে কাশ্মীৰ বিষয়ক লৈ বিগত সময়ত কেইবাবাৰো মধ্যস্থতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। পেহেলগাম আক্ৰমণৰ পিছতো ট্ৰাম্পে কৈছিল, "ভাৰত আৰু পাকিস্তান দুয়োখনেই মোৰ অতি ঘনিষ্ঠ। মোৰ বন্ধু। তেওঁলোকে কাশ্মীৰক লৈ ১০০০ বছৰ ধৰি যুঁজি আছে। এই যুঁজখন আৰু বেছি দিন নচলিব।"
ট্ৰাম্পৰ এনে মুকলি মন্তব্যৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু আজি বৈদেশিক সচিবগৰাকীয়ে আজি এই সকলো বিষয় স্পষ্ট কৰি দিছে। কাশ্মীৰ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ মানি লোৱা নহ’ব। সেয়া লাগে বন্ধু আমেৰিকাৰই নহওঁক কিয়।