ঘোষণা কৰা হ'ল চি বি এচ ই ব'ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল

আজি ঘোষণা কৰা হ'ল বহু প্ৰত্যাশিত চি বি এচ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ।

author-image
Asomiya Pratidin
New Update
ঘোষণা কৰা হ'ল চি বি এচ ই ব'ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল

ডিজিটেল ডেস্ক : আজি ঘোষণা কৰা হ'ল বহু প্ৰত্যাশিত চি বি এচ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । দশম শ্ৰেণীৰ পৰীক্ষাত প্ৰায় ৩৪.৮ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ ওপৰিও দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰায় ১৬.৯ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল । দশম শ্ৰেণীৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা মাৰ্চৰ ১০ তাৰিখলৈ অনুষ্ঠিত হোৱাৰ ওপৰিও দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা এপ্ৰিলৰ ৫ তাৰিখলৈ ।

Advertisment

উল্লেখ্য যে, দশম শ্ৰেণীৰ পৰীক্ষাত ২১.৪ লাখ ছাত্ৰী আৰু ১৩.৪ লাখ ছাত্ৰ অৱতীৰ্ণ হৈছিল আনহাতে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতসৰ্বমুঠ ১৬.৯ লাখ পৰীক্ষাৰ্থীৰ মাজত ছাত্ৰী আছিল ৭.৪ লাখ আৰু ছাত্ৰ আছিল ৯.৫১ লাখ ।

দশম শ্ৰেণীৰ পৰীক্ষাত শতকৰা উত্তীৰ্ণৰ হাৰ ৯৩.১২ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ  পৰীক্ষাত এই হাৰ ৮৭.৩৩ শতাংশ ।

পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল চি বি এচ ইৰ ৱেবছাইট https://cbseresults.nic.in/ ত লাভ কৰিব পাৰিব ।

exam result cbse