/asomiyapratidin/media/media_files/2025/05/30/GFfDahWPInScp6eD1p0C.jpg)
ডিজিটেল সংবাদ গুলাঘাটঃ অসমৰ ভিতৰতে এক উচ্চ মানসম্পন্ন বিদ্যালয় হিচাপে প্ৰতিষ্ঠা হোৱা গোলাঘাটৰ গুৰুকুল গ’লৱেল একাডেমীত আজি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ বিগত বৰ্ষত দশম শ্ৰেণীৰ পৰীক্ষাত এই বিদ্যালয়ৰ পৰা বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ পিছত সদ্য ঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাত বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক আজি বিদ্যালয়ৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়৷
উল্লেখ্য যে বিদ্যালয়খনৰ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত অনুৰাগ ভূঞাই ৯৮ শতাংশ, অৰ্ণৱ শইকীয়াই ৯৭.৮০ শতাংশ, আয্যবৰ্দ্ধন কোঁৱৰে ৯৭.৪৯ শতাংশ, ৰুদ্ৰ শৰ্মা আৰু তেজস্ব আগৰৱালাই ৯৫ শতাংশ, শুভিত ৰঞ্জন নাথে ৯৪.৬০ শতাংশ, কুৱাইছ নাওকাই ৯৩.৮০ শতাংশ, শান্তনু দোস্বাদে ৯৩.৮০ শতাংশ, পংখী কলিতাই ৯২.৮০শতাংশ, শুভ শৰ্মাই ৯০.৬০, ৰোহিত শৰ্মাই ৯০.৪০ শতাংশ নম্বৰ লাভ কৰিছে৷
এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা মুঠ ৩৩ গৰাকী শিক্ষাৰ্থীৰ ১১ গৰাকীয়ে ৯০ শতাংশৰো অধিক, ১০ গৰাকীয়ে ৮০ শতাংশৰ পৰা ৯০ শতাংশ, ৯ গৰাকীয়ে ৭০ শতাংশৰ পৰা ৮০ শতাংশ আৰু ৩ গৰাকীয়ে ৬০ ৰ পৰা ৭০ শতাংশ নম্বৰ লাভ কৰে৷ আজিৰ অনুষ্ঠানত ৯৮ শতাংশ লাভকৰা অনুৰাগ ভূঞাক এটা লেপটপ আৰু বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাসকলক আৰু তেওঁলোকৰ অভিভাৱকক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়৷
গীত মাতেৰে মুখৰিত আজিৰ এই অনুষ্ঠানৰ আঁত ধৰে বিদ্যলয়ৰ আৰোহি পাণ্ডে আৰু স্পন্দন কাশ্যপে। ছাত্ৰ-ছাত্ৰী সকলৰ এই সাফল্যক শলাগ লৈছে বিদ্যালয়ৰ সঞ্চালক সঞ্জয় টোডী, অধ্যক্ষ গৌতম বৰাৰ লগতে বিদ্যালয়ৰ কতৃপক্ষই।